ETV Bharat / state

ভদীয়া বানে বিপদ কঢ়িয়াই আনিছে দৰঙৰ চৰাঞ্চললৈ - Assam flood

ভদীয়া বানৰ কৱলত পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ সমান্তৰালকৈ দৰঙৰ দলগাঁও আৰু মঙলদৈ সমষ্টিৰ বহু কেইখন গাঁও প্লাৱিত কৰিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানীয়ে ।

flood-at-dalgaon-etv-bharat-assam-news
ভদীয়া বানে বিপদ কঢ়িয়াই আনিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত
author img

By

Published : Sep 4, 2021, 2:19 PM IST

দলগাঁও, 4 ছেপ্টেম্বৰ : ভদীয়া বানে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাৰো কেতবোৰ অঞ্চললৈ কঢ়িয়াই আনিছে অশনি শংকেত । সমগ্ৰ ৰাজ্যৰ লগতে ভদীয়া বানৰ কৱলত দৰঙৰ চৰাঞ্চল । জিলাখনৰ দলগাঁও আৰু মঙলদৈ সমষ্টিৰ কেবাখনো গাঁও ইতিমধ্যে প্লাৱিত কৰিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানীয়ে ।

ভদীয়া বানে বিপদ কঢ়িয়াই আনিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত

উল্লেখ্য যে, সমষ্টি দুটাৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমিকে ধৰি ঘৰ দুৱাৰ সকলো এতিয়া ভদীয়া বানৰ কৱলত । ঘৰ দুৱাৰ সম্পূৰ্ণ পানীত বুৰ যোৱাত যাতায়ত , খাদ্য বস্তু, খোৱা পানী, চিকিৎসা আদিৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত । নিজৰ ঘৰ-বাৰী, মাটি-ভেটি হেৰুৱাই কোনো ওখ স্থানত পশুধনৰ সৈতে একেলগে বসবাস কৰিবলৈ বাধ্য হৈছে বানপীড়িতই ।

খাদ্য সংকটত পৰিছে তেওঁলোকৰ পশুধন । পানীৰ মাজত ককবকাই থকা সকলে খাবলৈ পোৱা নাই এটোপাল বিশুদ্ধ খোৱা পানী । যাৰ বাবে নদীৰ ঘোলা পানীকে সেৱন কৰিবলৈ বাধ্য হৈছে এইসকল লোকে ।

অৱশেষত বানপীড়িতৰ খবৰ ল’বলৈ উপস্থিত হয় দলগাঁও সমষ্টিৰ বিধায়ক মুজিবৰ ৰহমান । মজিবুৰ ৰহমানে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । ইফালে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে যোৱা পাঁচ দিন ধৰি বানত ককবকাই থকা লোকসকলৰ কোনো ধৰণৰ খবৰ নোলোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বানত সৰ্বস্বান্ত হোৱা লোক সকলে ।

লগতে পঢ়ক:লখিমপুৰত আৰক্ষীৰ গুলীচালনাত আহত ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.