ETV Bharat / state

জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত ৰেগিঙকাণ্ডৰ লগত জড়িত পাঁচজন ছাত্ৰক বহিষ্কাৰ - Jawahar Navodaya Vidyalaya Darrang

আকৌ বিৰ্তকত জৱাহৰ নৱোদয় বিদ্যালয় (Ragging incident in JNV Darrang) ৷ ৰেগিং কৰাৰ নামত এজন ছাত্ৰক শাৰীৰিকভাৱে মাৰধৰ কৰাৰ অভিযোগ (Student beaten up in the name of ragging) ৷ তৎকালীনভাৱে হোৱাকৈ ঘটনাৰ লগত জড়িত পাঁচজন ছাত্ৰক বহিষ্কাৰ বিদ্যালয় কৰ্তৃপক্ষৰ (Five students expelled for ragging) ৷

Five students expelled from Jawahar Navodaya Vidyalaya Darrang for ragging
জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিঙৰ লগত জড়িত পাঁচজন ছাত্ৰক বহিষ্কাৰ
author img

By

Published : Aug 31, 2022, 9:05 AM IST

Updated : Aug 31, 2022, 12:39 PM IST

দৰং, 31 আগষ্ট: পুনৰ বিতৰ্কত জৱাহৰ নৱোদয় বিদ্যালয়৷ দৰঙৰ ৰঙৰ কলাইগাঁৱৰ টেঙাবাৰীত অৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত এই ৰেগিং কাণ্ড (Ragging incident in JNV Darrang) ৷ ভুক্তভোগী ছাত্ৰজনৰ পৰিয়ালে কৰা অভিযোগ মৰ্মে বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীত নাম ভৰ্তি কৰোৱাৰ পিছৰ পৰাই একাংশ জ্যেষ্ঠ ছাত্ৰই ছাত্ৰজনক মাৰধৰ কৰি আহিছিল (Student beaten up in the name of ragging) ৷ পৰৱৰ্তী সময়ত এই ৰেগিং ইমানে ভয়াবহ হয় যে ছাত্ৰজনৰ পৰিয়ালৰ লোকে বিদ্যালয়খনৰ অধ্যক্ষক অৱগত কৰে ৷

পিছে অৱগত কৰাৰ পাছতো ছাত্ৰজনক পাঁচজনীয়া ছাত্ৰৰ এটা দলে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰজনৰ অভিভাৱকে ৷ উপায়ন্তৰ হৈ ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ পিতৃ-মাতৃয়ে মংগলদৈ সদৰ আৰক্ষী থানাত এখন দাখিল কৰে ৷

জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত ৰেগিঙকাণ্ডৰ লগত জড়িত পাঁচজন ছাত্ৰক বহিষ্কাৰ

মঙলবাৰে এই ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষ মুকুল তালুকদাৰে মন্তব্য কৰি দুখ প্ৰকাশ কৰে ৷ লগতে তৎকালীনভাৱে হোৱাকৈ ঘটনাৰ লগত জড়িত পাঁচজন ছাত্ৰক বহিষ্কাৰ কৰে (Five students expelled for ragging) ৷

লগতে বহিষ্কৃত ছাত্ৰকেইজনক ঘৰলৈ পঠিয়াই দিয়ে ৷ ইয়াৰোপৰি সম্পূৰ্ণ ঘটনাটোক স্বীকাৰ কৰি ভুক্তভোগী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনৰ লগতে সকলো ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰে অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক: প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি নিশা উত্তাল জয়পুৰ থানা

Last Updated : Aug 31, 2022, 12:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.