ETV Bharat / state

আৰক্ষীৰে গুলীয়াগুলিত নিহত সন্দেহজনক ডকাইত

দৰঙৰ মঙলদৈত সংঘটিত হয় গুলীয়াগুলিৰ ঘটনা । মঙলদৈ শাকতোলা দলঙৰ সমীপত সন্দেহ জনক ডকাইত আৰু আৰক্ষীৰ মাজত সংঘটিত হয় গুলীয়াগুলি । গুলীয়াগুলি নিহত হয় এজন সন্দেহজনক ডকাইত ।

মঙলদৈ
মঙলদৈত গুলীয়াগুলি, নিহত এজন সন্দেহজনক ডকাইত
author img

By

Published : Jun 9, 2020, 12:10 PM IST

দৰং, ৯ জুনঃ মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত দৰং জিলাৰ মঙলদৈত সংঘটিত হয় গুলীয়াগুলি । শাকতোলা দলঙৰ ওচৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সন্দেহ জনক ডকাইত আৰু আৰক্ষীৰ মাজত সংঘটিত হয় হয় গুলীয়াগুলিৰ ঘটনা ।

মঙলদৈ
মঙলদৈত গুলীয়াগুলি, নিহত এজন সন্দেহজনক ডকাইত

আৰক্ষীৰ গুলীচালনাত নিহত হয় এজন সন্দেহ জনক ডকাইত । তাৰোপৰি ঘটনাস্থলীৰ পৰা তিনিজন পলাই যাবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । আনহাতে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা .২২ পিষ্টল আৰু নম্বৰ প্লেট বিহীন এখন পালছাৰ বাইক ।

উল্লেখ্য যে, দৰঙত বিগত কিছুদিন ধৰি সংঘটিত হৈ আহিছে পথ ডকাইতি । সোমবাৰে নিশাও তেনে এটা ডকাইতৰ দলৰ সৈতে পেট্ৰলিঙত থকা আৰক্ষীৰ দলৰ সংঘৰ্ষ হোৱাৰ সন্দেহ কৰা হৈছে । অৱশ্যে বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য অৱগত কৰা নাই । আনহাতে, গুলীয়াগুলিত নিহত হোৱা ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.