ETV Bharat / state

ছিপাঝাৰত প্ৰাৰ্থীত্ব প্ৰদানক লৈ অসন্তুষ্ট মণ্ডল বিজেপিৰ কৰ্মীসকল - দৰং

দৰঙৰ ছিপাঝাৰ সমষ্টিৰ আসনখন অগপক এৰি দিব বুলি চৰ্চা হোৱাৰ পিছতে ছিপাঝাৰ মণ্ডল বিজেপি কাৰ্যালয়ত সংবাদমেল । ছিপাঝাৰ সমষ্টিত অগপৰ প্ৰাৰ্থীত্ব কোনো কাৰণত মানি নলয় সমষ্টিটোৰ বিজেপি কৰ্মীসকলে । যদিহে আসনখন অগপক দিয়া হয় ছিপাঝাৰৰ মণ্ডল বিজেপিৰ পদবীত থকা সকলো কার্যকর্তাই নিজ নিজ পদবীৰ পৰা পদত্যাগ কৰাৰ হুংকাৰ বিজেপি কৰ্মীসকলৰ ।

As_drg_election_candidate_img_as10006
ছিপাঝাৰত প্ৰাৰ্থীত্ব প্ৰদানক লৈ অসন্তুষ্ট মণ্ডল বিজেপিৰ কৰ্মীসকল
author img

By

Published : Mar 5, 2021, 2:07 PM IST

দৰং, ৫ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনত দৰং জিলাৰ ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানক লৈ অসন্তুষ্ট ছিপাঝাৰ মণ্ডল বিজেপিৰ কৰ্মীসকল । সমষ্টিটোৰ পৰা এইবাৰ বিজেপিৰ মিত্ৰদল অসম জাতীয় পৰিষদ অগপৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ কুচকাৱাজ চলি থকাত ছিপাঝাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত বিজেপি কৰ্মীসকল ক্ষোভিত হৈ পৰে ।

যি সময়ত অগপ দলৰ উক্ত সমষ্টিটোত কোনো ভেটি নাই সেই সময়ত অগপৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কেনেদৰে চিন্ত-চৰ্চা কৰিব পাৰে লগতে ২০০৬ চনতে সমষ্টিটোত অগপৰ অস্তিত্ব শেষ হৈ গৈছিল তেনেস্থলত বিজেপিয়ে কেনেদৰে এই সিদ্ধান্ত গ্ৰহণ কৰে সেই সম্পৰ্কে বিজেপিৰ উৰ্ধতম কৰ্তৃপক্ষক প্ৰশ্ন উত্থাপন কৰে ।

ছিপাঝাৰত প্ৰাৰ্থীত্ব প্ৰদানক লৈ অসন্তুষ্ট মণ্ডল বিজেপিৰ কৰ্মীসকল

বৃহস্পতিবাৰে দৰঙৰ ছিপাঝাৰ সমষ্টিৰ আসনখন অগপক এৰি দিব বুলি চৰ্চা হোৱাৰ পিছতে ছিপাঝাৰ মণ্ডল বিজেপি কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে বিজেপি কৰ্মীসকলে । ছিপাঝাৰ সমষ্টিত অগপৰ প্ৰাৰ্থীত্ব কোনো কাৰণত মানি নলয় সমষ্টিটোৰ বিজেপি কৰ্মীসকলে । যদিহে আসনখন অগপক দিয়া হয় ছিপাঝাৰৰ মণ্ডল বিজেপিৰ পদবীত থকা সকলো কার্যকর্তাই নিজ নিজ পদবীৰ পৰা পদত্যাগ কৰিব বুলি হুংকাৰ প্ৰদান কৰে ।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অগপৰ সদস্য পৰমানন্দ ৰাজবংশীক দলৰ তৰফৰ পৰা টিকট দিলে কোনো কাৰণত সমৰ্থন নিদিয়ে ছিপাঝাৰৰ বিজেপি কর্মীসকলে । উক্ত সমষ্টিটোত কোনো ভেটি নোহোৱা মিত্ৰদলটোৰ আসনখন যদি অগপক এৰি দিয়ে তেন্তে পৰাজয় নিশ্চিত বুলিও মন্তব্য বিজেপি কৰ্মীসকলে ।

লগতে পঢ়ক:দৰঙত কংগ্ৰেছৰ নিমিলা অংক: বিপিএফ, এআইইউডিএফয়ে আনিছে জটিলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.