দৰং, 25 জুনঃ
- ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত আমিন পাৰাত ৰৌতা আৰক্ষীৰ অভিযান ৷
- আৰক্ষীৰ অভিযানত জব্দ হয় নিষিদ্ধ হেৰ'ইন।
- ঘটনা সন্দৰ্ভত দুজন লোককো গ্ৰেপ্তাৰ কৰে ৰৌতা আৰক্ষীয়ে ৷
- গ্ৰেপ্তাৰ হোৱা লোক দুজন দিলৱাৰ হুছেইন আৰু ছাহিদুল ইছলাম ৷
- দুয়োজন লোকৰ ঘৰ দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত বাৰৈপাৰাত ৷
- গোপন সুত্ৰৰ ভিত্তি নিশা চলিছিল ৰৌতা আৰক্ষীৰ অভিযান ৷
- ওদালগুৰিৰ উপ-আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত চলিছিল এই অভিযান ৷
- অভিযানত সংগ দিছিল ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱা সহ ৰৌতা আৰক্ষীৰএটা বৃহৎ দলে ৷
- ৪১ টা সৰু প্লাষ্টিকৰ কন্টেইনাৰত থকা নিষিদ্ধ হেৰ'ইনৰ লগতে দুটা মোবাইল জব্দ ৷
- নগদ ৬১৪০ টকা আৰু এখন পালছাৰ বাইকো জব্দ কৰে আৰক্ষীয়ে।
- ঘটনাৰ জড়িত দুয়োজন লোককে ৰৌতা থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
লগতে চাওকঃ বাণিজ্য শাখাৰ ষষ্ঠ স্থানত নগাঁৱৰ ভাৰতী বিদ্যাপীঠৰ কাৰ্তিক ধাৰীৱাল