দলগাঁও,৯ জুন: যোৱা দেওবাৰে দৰঙৰ খাৰুপেটীয়াত এগৰাকী চিকিৎসক আৰু তেওঁৰ পত্নী আক্ৰমণৰ বলি হৈছিল । খাৰুপেটীয়াস্থিত "আফ্ৰিন হেল্থ কেয়াৰ চেন্টাৰত" সংঘটিত হৈছিল উক্ত ঘটনাটো । এই ঘটনাৰ পিছতে অভিযুক্ত ৰাহুল আমিন আৰু পিংকি বেগমৰ বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষী থানাত দাখিল কৰা হৈছিল এক এজাহাৰ ।
এই এজাহাৰৰ ভিত্তিত মঙলবাৰে নিশা মূল অভিযুক্ত ৰাহুল আমিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে খাৰুপেটীয়া আৰক্ষী । জানিব পৰা মতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা অধীনত গ্ৰেপ্তাৰ কৰিছে ৰাহুল আমিনক ।