ETV Bharat / state

District Sahitya Sabha Session: ধাৰত চলিছে নেকি অসম সাহিত্য সভা !

author img

By

Published : Jan 9, 2023, 9:01 AM IST

সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ ভৱকান্ত মহন্ত আৰু নিৰু মহন্ত সোঁৱৰণী ক্ষেত্ৰত দেওবাৰে অনুস্থিত হৈ যায় দৰং জিলা সাহিত্য সভাৰ অধিৱেশন । অধিৱেশনত অংশগ্ৰহণ কৰে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট লেখক তথা সাহিত্যিকে(District Sahitya Sabha Session observed in Darrang) ।

District Sahitya Sabha Session observed in Darrang
সৰাবাৰীত অনুষ্ঠিত হয় দৰং জিলা সাহিত্য সভাৰ অধিৱেশন

মঙলদৈ,৯ জানুৱাৰী: দেওবাৰে সৰাবাৰীত অনুষ্ঠিত হয় দৰং জিলা সাহিত্য সভাৰ অধিৱেশনখন । অধিৱেশনত অংশগ্ৰহণ কৰে কেইবাগৰাকীও বিশিষ্ট লেখক তথা সাহিত্যিকে(District Sahitya Sabha Session observed in Darrang) । অধিৱেশনখনিত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দজিৎ শৰ্মা, বিশিষ্ট লেখক, নাট্যকাৰ ৰজনীকান্ত নাথ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীকে আদি কৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি ।

সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ ভৱকান্ত মহন্ত আৰু নিৰু মহন্ত সোঁৱৰণী ক্ষেত্ৰত অনুস্থিত দৰং জিলা সাহিত্য সভাৰ মুকলি সভাত অভিভাষণ পাঠ কৰে বিশিষ্ট লেখক, নাট্যকাৰ ৰজনীকান্ত নাথে । সভাখনিৰ আঁত ধৰে দৰং জিলা সাহিত্য সভাৰ বিদায়ী সম্পাদক গৌতমানন্দ গোস্বামী আৰু শাখা সভাৰ সম্পাদক ভদ্ৰকান্ত কলিতাই । সভাত দৰং সাহিত্য সভাৰ স্মৰণিকাখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই ।

স্মৰণিকাখনি উন্মোচন কৰি প্ৰধান সম্পাদকগৰাকী প্ৰদান কৰা ভাষণ প্ৰসংগত কয় যে, অসম সাহিত্য সভা অসমীয়া ৰাইজৰ হিয়াৰ আমঠু । কিন্তু অসম সাহিত্য সভাক হকে বিহকে কিছুমান লোকে সমালোচনা কৰে(Assam Sahitya Sabha in crisis) । পূৰ্বতে সাহিত্য সভাৰ কাৰ্যালয় আছিলে মাত্ৰ এটা আৰু আজি ১০ টা কাৰ্যালয় হৈছেগৈ(Assam Sahitya Sabha office) । লগতে তেওঁ অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে দৰমহা বিচাৰি প্ৰতিবাদত বহিবলগীয়া হোৱা প্ৰসংগও উল্লেখ কৰে ভাষণত ।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই লগতে কয় যে সাহিত্য সভাৰ ৩০ খন জিলা, ১০০০ টা শাখা আছে ৷ তথাপি কিয় দৰমহা দিব পৰা নাই সেয়া এক চিন্তনীয় বিষয়(No salary for six months) । আজি অসম সাহিত্য সভাৰ ভড়াল শূণ্য বুলি উল্লেখ কৰি উপেন্দজিৎ শৰ্মাই কয় যে, কেৱল শূণ্যই নহয় বৰ্তমান ধাৰত চলি আছে অসম সাহিত্য সভা । আগতে চৰকাৰে সাহিত্য সভাক অনুদান দিছিল ১ কৌটি ২০ লাখ টকা । কিন্তু সেয়া হ্ৰাস হৈ হৈ এতিয়া ৪০ লাখ টকা পাইছেগৈ বুলি তেওঁ উল্লেখ কৰে ।

আজি কালি মাধ্যম সংক্ৰান্তত বৰকৈ বাদানুবাদ চলিছে যে শিশু কালৰ পৰাই ইংৰাজী মাধ্যম হলে শিক্ষাৰ্থীৰ লব্ধবিদ্যা হেনো বেছি ফলপ্ৰসূ হ'ব । কিন্তু আমি মনত ৰাখিব লাগিব যে মাতৃৰ আবাস স্থানৰ ভাষাৰ সৈতেহে সন্তানৰ পৰিচয় ঘটে । এই মন্তব্য আগবঢ়াই দৰং জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি তথা বিশিষ্ট লেখক, নাট্যকাৰ ৰজনীকান্ত নাথে । লগতে সাহিত্যিক নাথে কয় যে সুদূৰ অতীতৰে পৰা যেনেকৈ বিভিন্ন জাতি, উপ-জাতিৰ মিলন মিশ্ৰনৰ ফলত ভাষা গঢ় লৈ উঠিছে, তেনেকৈ অসমীয়া ভাষাও বিভিন্ন ভাষা উপ-ভাষাৰ সমন্বয়ত গঢ় লৈ উঠিছে ।

লগতে পঢ়ক: Foundation day of Raijor Dal: অসমত এজন হিটলাৰৰ জন্ম হ’ল: অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.