দলগাঁও, 15 জুলাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযানৰ সমান্তৰালকৈ দৰঙৰ দলগাঁৱতো চলিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান (District administration eviction drive in Dalgaon) ৷ জহৰ আলী, গফুৰ আলীসহ চাৰি ভাই ককাইয়ে দুই বিঘাকৈ চৰকাৰী ভূমি বেদখল কৰি বসবাস কৰি থকাৰ খবৰ লাভ কৰিছিল প্ৰশাসনে ৷ ইয়াৰ পাছতে বৃহস্পতিবাৰে জিলা প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত বেদখলকৃত ভূমিখণ্ডত উচ্ছেদ অভিযান চলায় ৷
উল্লেখ্য যে, যোৱা মঙলবাৰে দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দুলীয়াপাৰা গাঁৱত থকা চৰকাৰী ভূমি জিলা প্ৰশাসনৰ নিৰ্দেশত তেল শোধনাগাৰ( NRL) কোম্পানীক চমজাই দিবলৈ লাট মণ্ডল, গাওঁবুঢ়াৰ লগতে শোধনাগাৰ কৰ্তৃপক্ষৰ লোক উপস্থিত হৈছিল ৷ ইয়াৰ পিছতে বহু দিনৰ পৰা ভূমি বেদখল কৰি সেই ঠাইত বসবাস কৰি থকা কেইজনমান লোকে শাৰিৰীকভাৱে আক্ৰমণ কৰে বিষয়াকেইগৰাকীক ৷ এই ঘটনাৰ পিছতে শুকুৰবাৰে অধিক সষ্টম হৈ সেই ভূমিত বসবাস কৰি থকা লোককেইজনৰ ঘৰত উচ্ছেদ অভিযান চলায় ৷
উচ্ছেদ অভিযান সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে কয় যে যোৱা মঙলবাৰে প্ৰশাসনৰ লোকক শাৰিৰীকভাৱে কৰা আক্ৰমণৰ ঘটনাৰ বাবে আমি ইতিমধ্যে ৰুজু কৰিছে গোচৰ ৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰি দোষীক চিনাক্ত কৰিব ৷ অৱশ্যে আমি আক্ৰমণৰ ঘটনাৰ বাবে আজিৰ উচ্ছেদ অভিযান চলোৱা নাই ৷ এই চৰকাৰী ভূমিখণ্ডত একাংশ লোকে বেদখল কৰি থকাৰ তথ্যৰ ভিত্তিতহে আমি উচ্ছেদ অভিযান চলাইছো ৷
লগতে পঢ়ক: ৰংপাংথিৰ গাঁৱত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উচ্ছেদ অভিযান