ETV Bharat / state

বৰ্তমানেও পৰিৱৰ্তন নহ'ল গ্ৰামাঞ্চলৰ বহু বাট-পথ - গ্ৰামাঞ্চলৰ বহু বাট-পথ

দৰঙৰ ধূলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ আৰু ২ নং মাগুৰমাৰী গাঁৱৰ বাট-পথ বৰ্তমানেও জৰাজীৰ্ণ অৱস্থাত ৷ এজাক বৰষুণতেই পুখুৰী সদৃশ হৈ পৰে একমাত্ৰ পথচোৱা, যাৰ ফলত সংঘটিত হৈ আহিছে বহুতো সৰু বৰ দুৰ্ঘটনা ৷

গ্ৰামাঞ্চলৰ বহু বাট-পথ
গ্ৰামাঞ্চলৰ বহু বাট-পথ
author img

By

Published : Feb 24, 2020, 5:57 PM IST

দলগাঁও, 24 ফেব্ৰুৱাৰীঃ পৰিৱৰ্তশীল চৰকাৰৰ দিনতো পৰিৱৰ্তন নহ'ল গ্ৰামাঞ্চলৰ বহু বাট-পথ ৷ এনে গাঁৱৰ উদাহৰণ হ'ল মঙলদৈ সমষ্টিৰ ১ আৰু ২ নং মাগুৰমাৰী গাঁও ৷ দৰঙৰ ধূলা গাঁও পঞ্চায়তৰ এই গাঁওকেইখনৰ বাট-পথ বৰ্তমানেও আছে জৰাজীৰ্ণ অৱস্থাত ৷ উল্লেখ্য যে, এই মাগুৰমাৰী গাঁৱৰ পৰা খাৰুপেটীয়া সংযোগী জৰাজীৰ্ণ পথেৰে দৈনিক অহা-যোৱা কৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাখনো গাঁৱৰ লোকে ৷ ইয়াৰোপৰি এই পথেৰেই শ-শ কৃষকে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰীও অনা নিয়া কৰে বজাৰলৈ ৷ এজাক বৰষুণতেই পুখুৰী সদৃশ হৈ পৰে একমাত্ৰ পথচোৱা, যাৰ ফলত সংঘটিত হৈ আহিছে বহুতো সৰু বৰ দুৰ্ঘটনাও ৷ মাগুৰমাৰী গাঁৱৰ স্থানীয় ৰাইজে এই বিষয়ে ইতিমধ্যে স্থানীয় ৰাইজে অৱগত কৰিছে মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়কৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ৷

বৰ্তমানেও পৰিৱৰ্তন নহ'ল গ্ৰামাঞ্চলৰ বহু বাট-পথ

লগতে পঢ়কঃ বান্দৰে সুৰক্ষা দিব ড'নাল্ড ট্ৰাম্পক!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.