ETV Bharat / state

সুচল যাতায়াতৰ অভাৱে দুৰ্ভোগ ভুগাইছে দলগাঁওবাসীক

author img

By

Published : Oct 28, 2020, 5:33 PM IST

যাতায়াতৰ ক্ষেত্ৰত ব্যাপক দুৰ্ভোগ ভুগিবলগীয়া হৈছে দলগাঁও সমষ্টিৰ বৰগৰা-বটাবাৰী অঞ্চলৰ লোকে ৷ উপায়ন্তৰ ৰাইজে বাঁহ-কাঠেৰে নিৰ্মিত এখন ভূৰেৰে অব্যাহত ৰাখিছে তেওঁলোকৰ যাত্ৰা ৷

সুচল যাতায়াতৰ অভাৱ
সুচল যাতায়াতৰ অভাৱ

দলগাঁও, 28 অক্টোবৰ: বিগত এবছৰে পকী দলঙৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে দলগাঁও সমষ্টিৰ বৰগৰা-বটাবাৰী অঞ্চলৰ লোকে ৷ উল্লেখ্য যে, এবছৰ পূৰ্বে বৰগৰা চাহ বাগিছা আৰু বটাবাৰী সংযোগী পথত থকা জৰাজীৰ্ণ কাঠৰ দলংখন ভাগি পৰে ৷ ভগা দলঙৰ ঠাইত পকী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় যদিও, নিৰ্মাণকাৰ্য আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল ৷

সুচল যাতায়াতৰ অভাৱে দুৰ্ভোগ ভুগাইছে দলগাঁওবাসীক

যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক দুৰ্ভোগ ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ ৰাইজৰ মাজত যাতায়াতৰ কোনো ধৰণৰ বিকল্প ব্যৱস্থা নথকাৰ বাবে সম্প্ৰতি উপায়ন্তৰ ৰাইজে বাঁহ-কাঠেৰে নিৰ্মিত এখন ভূৰেৰে পাৰ হৈছে ইপাৰ-সিপাৰ ৷ স্থানীয় ৰাইজে অৰ্ধনিৰ্মিত দলং খনৰ নিৰ্মাণকাৰ্য অতি শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷

লগতে পঢ়ক: ধেমাজিত বানত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.