দৰং, 27 জুন : উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হ’ল দৰঙৰ দুই কৃতি শিক্ষাৰ্থী ৷ শীৰ্ষ 10 ৰ ভিতৰত স্থান লাভ কৰি বিকিৰণ নাথ আৰু দিক্ষিতা চহৰীয়াই জিলাখনলৈ কঢ়িয়াই আনিলে গৌৰৱ ৷
দিক্ষিতা চহৰীয়াই কলা শাখাত দখল কৰিলে অষ্টম স্থান ৷ দিক্ষিতা দিপীলাৰ এন আৰ ডি এছ চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰী ৷ তেওঁ সৰ্বমুঠ 475 নম্বৰ লাভ কৰিছে ৷ ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন দিক্ষিতাৰ ৷
আনহাতে বিকিৰণ নাথে বিজ্ঞান শাখাত নৱম স্থান দখল কৰিবলৈ সক্ষম হয় ৷ তেওঁ ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ(Ramanujan Senior Secondary School) পৰা বিজ্ঞান শাখাত ৪৭৫ নম্বৰ লাভ কৰি এই সুনাম কঢ়িয়াবলৈ সক্ষম হয় । বিকিৰণ নাথ মঙলদৈ মিলনপুৰ নিবাসী শিক্ষক অজয় কুমাৰ নাথ আৰু শিক্ষয়িত্ৰী ৰঞ্জুৰাণী নাথৰ পুত্ৰ ৷
লগতে পঢ়ক : HS final result 2022: চিকিৎসক হোৱাৰ সপোন ডিব্ৰুগড়ৰ অভিলাষা দত্তৰ