দৰং,30 এপ্ৰিলঃ সমগ্ৰ বিশ্বতে ব্যাপক হাৰত পৰিছে লক্ ডাউনৰ প্ৰভাৱ ৷ অৰ্থনৈতিক ক্ষেত্ৰই হওক, কৃষি ক্ষেত্ৰই হওক বা শৈক্ষিক ক্ষেত্ৰই হওক ৷ সকলোতে পৰিছে বিৰূপ প্ৰভাৱ ৷ ৰাজ্যলৈ চালে ৰাজ্যৰ প্ৰায় সকলো প্ৰান্ততে কম বেছি পৰিমাণে পৰিছে লক্ ডাউনৰ প্ৰভাৱ ৷
দৰঙত পথাৰৰ খেতি পথাৰতে নষ্ট হৈছে । দৰঙৰ চমতিয়া অঞ্চলত তৰমুজৰ খেতি কৰি এতিয়া সৰ্বশ্ৰান্ত হৈছে খেতিয়ক সকল । দৰঙৰ চমতিয়া অঞ্চলত এইবেলিও প্ৰায় ১০০ ঘৰ লোকে নিজাববীয়াকৈ তৰমুজৰ খেতি কৰিছিল । ঋণ লৈ খেতিত মনোনিৱেশ কৰিছিল যদিও লক্ ডাউনৰ বাবে তৰমুজ বিক্ৰী কৰিবলৈ সমৰ্থ নহ'ল কৃষকসকল । যাৰ ফলত ভীষণ ভাৱে লোকচানৰ সন্মুখীন হৈছে এইসকল দুৰ্ভগীয়া কৃষক । ইয়াৰোপৰি কৃষি বিভাগৰ পৰাও কোনো ধৰণৰ খবৰ লোৱা নাই এইসকল কৃষকৰ । সেয়ে এতিয়া উপায়বিহীন হৈ মূৰে কপালে হাত দিব লগীয়া অৱস্থা হৈছে কৃষকসকলৰ ৷
লগতে চাওকঃৰোমান্টিক হিৰো ঋষি কাপুৰক সুঁৱৰি