দৰং,27মেঃ দৰং জিলাত কোভিড-19 ৰোগীৰ বাবে হাহাকাৰ পৰিস্থিতি আমিৰুল আলম নামৰ যুৱকজনক লৈ ৷ ১৭ বছৰীয়া যুৱকজন কলকাতাৰ পৰা আহি সৰুসজাইত এদিন ৰাখি নমুনা সংগ্ৰহ কৰাৰ পিছত ঘৰলৈ পঠাই দিছিল যুৱক জনক। ঘৰলৈ ঘূৰি অহাৰ চাৰি দিনৰ পিছত কোভিড-19 পজিটিভ ওলোৱাক লৈ শংকিত হৈ পৰিছে জিলা খনত থকা লোক সকল ৷
খাৰুপেতিয়া নিকটৱৰ্তী শ্যামপুৰ থানা অন্তৰ্গত ১ নং আৰিমাৰিত ঘৰ যুৱক জনৰ।ঘৰলৈ আহি যুৱক জন ঘৰৰ সকলোৰে লগত সংস্পৰ্শলৈ আহিছিল। ইপিনে পুনৰ যুৱক জনৰ দেহত কোভিড-19 ধৰা পৰাৰ পিছতে যুৱক জনৰ ঘৰৰ পৰা ৫০০ মিটাৰ অঞ্চলতোক কনটেণ্টমেণ্ট জ‘ন ঘোষণা জিলা প্ৰশাসনৰ। যুৱক জনক কিছু সময়ৰ পিছতেই মঙলদৈ অসামৰিক চিকিৎসালয়ক লৈ প্ৰেৰণ কৰা হয় ৷ দৰঙৰ ১ নং অৰিমাৰী গাঁও খন কনটেন্টেমেন্ট জন ঘোষণা কৰে জিলা উপায়ুক্তই ৷ উল্লেখযোগ্য যে সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰ পৰা পলাই আহিছিল আমিৰুল নমুনা পৰীক্ষা কৰিৱ দিয়াৰ পিছতে এখন সৰু গাড়ীত চাৰি গৰাকী সতীৰ্থৰ সৈতে ইপিনে ঘৰলৈ আহি বহু লোকৰ সংস্পৰলৈ অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়কঃ কামৰূপত এহাজাৰ লোকৰ বাবে কোৱাৰেন্টাইনৰ ব্যৱস্থা এগৰাকী ব্যৱসায়ীৰ