ETV Bharat / state

কলৰ ভুৰত উঠি দৰাই আনিলে কইনা

author img

By

Published : Jun 30, 2020, 1:30 PM IST

কলৰ ভুৰেৰে যাত্ৰা কৰি বিবাহ কাৰ্য সম্পন্ন কৰিবলগীয়া হোৱাৰ বাবে ক্ষোভ স্থানীয় লোকৰ ৷

DARRANG MARRIAGE
দৰঙত এখন ব্যতিক্ৰমী বিবাহ

দৰং, 30 জুনঃ দেওবাৰে দৰঙত অনুষ্ঠিত হ'ল এখন ব্যতিক্ৰমী বিবাহ ৷ গাড়ী-ঘোঁৰা-হাতী নহয়, কলৰ ভুৰত উঠি আহিল দৰা ৷ প্ৰলয়ংকৰী বানৰ বাবে ছিপাঝাৰ সমষ্টিৰ কুমাৰপাৰা গাঁৱৰ পৰা দৰা সাজি বগাছলা গাঁৱলৈ কলৰ ভুৰত ৰাওনা হয় নুৰ আলম ৷ অনুষ্টুপীয়াকৈ বিবাহ কাৰ্য সম্পন্ন হ'ল নুৰ আলম আৰু জুনুৱাৰা বেগমৰ ৷ যি দৰে দৰা আহিছিল কলৰ ভুৰত সেইদৰে আন এখন কলৰ ভুৰত কইনাক উঠাই কুমাৰপাৰা পালে দৰা-কইনা ৷ দুখন কলৰ ভুৰত দৰা আৰু কইনাৰ যাত্ৰা পথৰ সাক্ষী হৈ ৰ'ল অগণন লোক ৷ ইচ্ছুকতাৰে কইনাক কলৰ ভুৰৰ পৰা আগবঢ়াই নিবলৈ দৰা পক্ষৰ লোকে ভিৰ কৰিছে কুমাৰপাৰা গাঁৱত ৷ স্মৃতি ৰোমন্থনৰ বাবে কোনোৱে লৈছে চেল্ফি আন কোনোৱে লৈছে ভিডিঅ' ৷

দৰঙত এখন ব্যতিক্ৰমী বিবাহ

কলৰ ভুৰেৰে যাত্ৰা কৰি বিবাহ কাৰ্য সম্পন্ন কৰিবলগীয়া হোৱাৰ বাবে স্থানীয় লোকৰ ক্ষোভ ৷ কিয়নো ২০০৪ চনতে ছিপাঝাৰ সমষ্টিৰ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ দুৰদুৰিয়াত দিমীলা নদীৰ বাঢ়নী পানীয়ে চিঙি নিছিল মথাউৰি ৷ তাৰ পিছতে আজিলৈ কোনো এখন চৰকাৰে মথাউৰিটো পুনৰ নিৰ্মাণ নকৰাত বছৰ বছৰ ধৰি অঞ্চলটোৰ প্ৰায় ১০/১৫ খন গাঁৱৰ ৰাইজে যমৰ যাতনাত দিন কটাবলগীয়া হৈছে ৷

DARRANG MARRIAGE
দৰঙত এখন ব্যতিক্ৰমী বিবাহ

লগতে পঢ়ক : বৰখলা আৰক্ষীৰ জালত ভুৱা চিআইডি বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.