দৰং,4 মাৰ্চঃ দৰং জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলৰ অন্তৰ্গত কুঁৱৰীজান-শালমাৰা পানীযোগান আঁচনিৰ নামত দায়িত্বৰত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগমতে দীৰ্ঘদিন ধৰি খোৱাপানীৰ সমস্যাত ভুগি অহা শালমাৰাৰ কোটি টকা ব্যয় সাপেক্ষে গণেশকুঁৱৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বড়োপাৰত কুঁৱৰিজান-শালমাৰা পানীযোগান আঁচনিখন স্থাপন কৰা হয় ৷ কিন্তু দায়িত্বত থকা ঠিকাদাৰ জয় শৰ্মা,বাপুকণ আলীয়ে বিভাগীয় অভিযন্তা আৰু বিষয়াৰে মিলি আঁচনিখন ৰূপায়ণৰ নামত ব্যাপক লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে আঁচনিখন স্থাপনৰ পিছতো ৰাইজক পৰ্যাপ্ত পানী যোগানত ব্যৰ্থ হ'বলগীয়া হৈছে ৷ অতি সস্তীয়া ধৰণে নিৰ্মাণ কৰা হেতুকে ৰাইজৰ মাজত বিতৰণ কৰিবলগীয়া পানী জমা হোৱা মূল টেংকীটো ফুটা হৈ পৰাৰ ফলত বাহিৰলৈ পানী ওলাই যায় ৷
আনহাতে ৩ ফুটৰ পৰিৱৰ্তে ডেৰ ফুটতে পাইপ স্থাপন কৰাত সেই পাইপ ফাটি পানী যোগানৰ পৰিৱৰ্তে পথচাৰীৰহে আহুকাল হৈছে ৷ ফটা পাইপেৰে নিগৰিত পানীয়ে নষ্ট কৰিছে বাট-পথ ৷ ৰাইজে ভগা পাইপৰ ওপৰত শিল জাপি দি বাট-পথ সমূহ নষ্ট হোৱাৰপৰা ৰক্ষা কৰাৰ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই ৷ ইফালে এই পৰ্যন্ত ৬০ টা পৰিয়ালক পানীৰ সংযোগ দিয়াৰ পিছতো মাত্ৰ ১০ টা পৰিয়ালেহে পানী লাভ কৰিবলৈ সক্ষম হৈছে বুলি অভিযোগ স্থাপন কৰিছে স্থানীয় ৰাইজে ৷
লগতে চাওকঃ