দৰং,14এপ্ৰিল: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পিচত তুংগত উঠিছে বিজেপিৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে দৰং-ওদালগুৰি সীমান্তবৰ্তী বঙালী গাঁৱত মংগলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ এই সভাতে মুখ্যমন্ত্ৰী সোণোৱালে স্বাধীনতাৰ ৭০ বছৰ পিছত ৬০ বছৰ ৰাজত্ব কৰা কংগ্ৰেছ দলে জনসাধাৰণক পিঠি দি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰিলে বুলি ভাষণত মন্তব্য কৰে ৷ লগতে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰি মোদীয়ে সকলো আঁচনি সকলোৰে মাজত সমবিতৰণ কৰিছে বুলিও মন্তব্য কৰে ৷ ইপিনে অসমত ১০০০ খন কাঠৰ দলঙক পকী দলং হিচাপে নিৰ্মানৰ ব্যৱস্থা মোদীয়ে কৰিছে বুলিও চৰকাৰৰ উন্নয়নৰ এক উদাহৰণ দাঙি ধৰে ৷ উল্লেখ্য যে সভাত মুখ্যমন্ত্ৰীৰ উপৰিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী উপস্থিত থাকি বিটিএডিৰ ভোটাৰসকলক দিলীপ শইকীয়াক ভোট দি মোদীক পুনৰ বাৰ প্ৰধানমন্ত্ৰী হোৱাত সহায় কৰিবলৈ আহ্বান জনায় ৷
বিহুৰ দিনাই মংগলদৈৰ এক নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সোণোৱাল - loksabha election
দৰং-ওদালগুৰি সীমান্তবৰ্তী দলগাঁওত বিশাল জনসভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷