ETV Bharat / state

মঙলদৈত আছুৰ কেন্দ্রীয় শ্বহীদ দিৱস উদযাপন - জাতিৰক্ষাৰ বাবে প্ৰাণআহুতি

দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আন্তঃমঙলদৈ ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত কেন্দ্রীয় শ্বহীদ দিৱস মঙলদৈ শ্বহীদ বাকৰিত অনুষ্ঠিত কৰে ৷

মঙলদৈত আছুৰ কেন্দ্রীয় শ্বহীদ দিৱস উদযাপন

author img

By

Published : Dec 10, 2020, 8:46 PM IST

দৰং,10 ডিচেম্বৰ : এই দিনটোতে অসম আন্দোলনত জাতিৰক্ষাৰ বাবে প্ৰাণআহুতি দিছিল শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে । সদৌ অসম ছাত্ৰ সন্থাই (আছু) বৃহস্পতিবাৰে শ্বহীদ দিৱসৰ দিনটোত অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰি পালন কৰিছে কেন্দ্ৰীয় শ্বহীদ দিৱসৰ । অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা ৮৬০ জন শ্বহীদৰ স্মৃতিত পালন কৰা শ্বহীদ দিৱস পালন কৰে মঙলদৈ নৈৰ পাৰত ৷ দৰঙৰ মঙলদৈ নৈ পাৰৰ শ্বহীদ বাকৰিত সদৌ অসম ছাত্ৰ সন্থাই পালন কৰা কেন্দ্ৰীয় শ্বহীদ দিৱসত অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি বহু জনতাই ৷ শ্বহীদ দিৱসত উপস্থিত হৈ আছুৰ পতাকা উত্তোলন কৰে সভাপতি দিপাংক নাথে ৷

মঙলদৈত আছুৰ কেন্দ্রীয় শ্বহীদ দিৱস উদযাপন
শ্বহীদ বেদীত বন্তি প্ৰজ্বালন কৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। শ্বহীদ দিৱসৰ অনুষ্ঠানটিতে অসম আন্দোলনত মৃত্যু বৰণ কৰি শ্বহীদ হোৱা 860 গৰাকী শ্বহীদ পৰিয়ালক সম্বন্ধনা জনায় ৷ শ্বহীদ দিৱসত উপস্থিত হৈ সাংবাদিক এক প্ৰশ্নৰ উত্তৰত আছুৰ সভাপতি দীপাংক নাথে ঘোষণা কৰে যে ১২ ডিচেম্বৰত পুনৰ CAA ৰ বিৰুদ্ধে ৰাজ্যজুৰি গণ হুংকাৰ কাৰ্যসূচী চলিব। লগতে এনআৰচিত সোমোৱা অবৈধ নাগৰিকৰ নামৰ তালিকা ৰাজহুৱা কৰাৰ দাবী আছু সভাপতি দীপাংক নাথৰ। শুদ্ধ এনআৰচি নোহোৱালৈ আছু ক্ষান্ত নহয়, ৫ জন শ্বহীদৰ ত্যাগ অথেলে যাব দিয়া নহ’ব।পুনৰ ৰাজ্যত CAA বিৰুদ্ধে ৰাজপথত আন্দোলন হ’ব বুলিও নাথে কয়‌ দীপাংক নাথে ।

আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই অসম চুক্তিৰ আধাৰত বিদেশী সমস্যা সমাধান হ’বই লাগিব আৰু আশা কৰা ধৰণে শুদ্ধ এনআৰচি এখন আমি নাপালো । উচ্চতম ন্যায়ালয়ৰ তদাৰকত হোৱা এনআৰচি কামত ৰাজ্য চৰকাৰে গাফলতি কৰিলে। CAA আইন প্ৰযোজ্য কৰিবৰ বাবে শুদ্ধ এনআৰচি প্ৰস্তুত নকৰিলে। উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে শুদ্ধ এনআৰচি পাম বুলি কয়। উল্লেখ যোগ্য যে ১৯৭৯ চনৰ ১০ ডিচেম্বৰ দিনটোত জাতিৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণআহুতি দিছিল ৷ সদৌ অসম ছাত্ৰ সন্থাই (আছু) বৃহস্পতিবাৰে শ্বহীদ দিৱসৰ দিনটোত অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰি পালন কৰিছে কেন্দ্ৰীয় শ্বহীদ দিৱসৰ। অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা ৮৬০ জন শ্বহীদৰ স্মৃতিত পালন কৰা শ্বহীদ দিৱস পালন কৰে মঙলদৈ নৈৰ পাৰত ৷

লগতে পঢ়কঃ বিটিচি নিৰ্বাচন : দ্বিতীয় পৰ্যায়ত বিয়লি 4 বজালৈ 72 শতাংশ ভোটদান সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.