দৰং,25 ফেব্ৰুৱাৰীঃ বিকশিত অসমৰ জৰাজীৰ্ণ ৰূপ দেখিবলৈ পোৱা গৈছে দৰঙত ৷ এয়া কোনো জকাইচুকীয়া গাঁও নহয়, বৰং দৰঙৰ গুৰুত্বপূৰ্ণ অঞ্চল মঙলদৈৰ কাহিনী ৷ গড়কাপ্তানি বিভাগৰ অন্তৰ্গত এটি পথৰ দূৰৱস্থাৰ বাবে পথটি বন্ধ কৰিবলৈ বাধ্য হয় স্থানীয় ৰাইজ ৷ পথটো হৈছে মংগলদৈ সমষ্টিৰ আটাইতকৈ ব্যস্ত চপাইৰ পৰা মেনাপাৰা সংযোগী পথ ৷
পথটো মেৰামতিৰ বাবে অঞ্চলটোৰ মহিলাসকলে গ্ৰহণ কৰিছে ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৷ মহিলাসকলে পথৰ মাজতে ভগৱানৰ শ্ৰীচৰণত ধূপ-নৈবেদ্য আগবঢ়াই জন-প্ৰতিনিধি তথা চৰকাৰৰ সুমতি বিচাৰি নাম-কীৰ্তনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিগত সময়ত পথটো মেৰামতিৰ বাবে জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ কৰি আহিছে ৰাইজে ৷ কিন্তু আজিকোপতি বিষয়টোত কোনো গুৰুত্ব আৰোপ কৰা নাই চৰকাৰৰ প্ৰতিনিধিসকলে ৷ ফলত দীৰ্ঘদিনে পথটোৰে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে ৰাইজে । উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে নিজাববীয়াকৈ পথটোৰে গধুৰ যান-বাহন চলাচল হ'ব নোৱাৰাকৈ বন্ধৰ ফলক আঁৰি দিছে ৷ একমাত্ৰ সেনাৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা শিথিল কৰিছে ৰাইজে ৷
লগতে চাওকঃযমুনামুখৰ ডবকাত বিধ্বংসী অগ্নিকাণ্ড