ETV Bharat / state

দলগাঁৱত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ - বৰকুৰ গাঁৱৰ

দলগাঁৱত বিধায়ক ইলিয়াচ আলি মুৰ্দাবাদ,কেশৰ মহন্ত হায় হায় ধ্বনি। ১৪ বছৰেও এটা চুইচ গেট সম্পূৰ্ণ নোহোৱাত ক্ষুদ্ধ দলগাও সমষ্টিৰ বৰকুৰ গাঁৱৰ ৰাইজ । প্লাবিত হাজাৰ হাজাৰ বিঘা কৃষিভূমি, পুখুৰী আইনগত ব্যৱস্থা লোৱাৰ হুংকাৰ ৰাইজৰ ৷

dalgoan farmer protest aginest mla and minister water resource department
কৃষক ৰাইজৰ বিধায়ক আৰু মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Jun 28, 2020, 6:50 PM IST

দলগাঁও,২৮জুনঃ বিগত ১৪ বছৰে এটা চুইচ গেটৰ কাম সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰে দলগাঁও সমষ্টিৰ বৰকুৰ গাঁৱৰ বানে বিধস্ত কৰা কৃষক ৰাইজ। বানে ক্ষতিগ্ৰস্ত কৰা হাজাৰ-হাজাৰ বিঘা কৃষি ভূমি আৰু পুখুৰী বানে প্লাবিত কৰাৰ পিছত দেওবাৰে অঞ্চলটোৰ ৰাইজে ইলিয়াচ আলি মুৰ্দাবাদ, কেশৰ মহন্ত হায় হায় , অসম চৰকাৰ মুৰ্দাবাদ ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

dalgoan farmer protest aginest mla and minister water resource department
কৃষক ৰাইজৰ বিধায়ক আৰু মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ

উল্লেখযোগ্য যে, ১২ বছৰ পূৰ্বে দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলিয়ে বৰকুৰ গাঁৱৰ মাজেদি বৈ যোৱা চোকাজানী নৈত কৃষক ৰাইজৰ স্বাৰ্থত কোটি কোটি টকা ব্যয় সাপেক্ষে চুইচ গেট নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও আজিও সম্পূৰ্ণ নোহোৱাত নৈ খনৰ গতিপথ সলনি হৈ হাজাৰ বিঘা কৃষি ভূমি আৰু শ শ পুখুৰী চোকাজানী নৈৰ বাঢ়নীয়ে প্লাবিত কৰি লাখ লাখ টকা ক্ষতি কৰাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী কৃষক ৰাইজ । ক্ষোভিত ৰাইজে দেওবাৰে পথাৰতে প্ৰতিবাদ সাব্যস্ত কৰি সংহাৰী নৈখনৰ গতি পথ অতি শীঘ্ৰে সলনি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলিক দাবী জনোৱাৰ লগতে আইনগত ব্যবস্থা গ্ৰহণ কৰিব বুলি স্থানীয় ৰাইজে উল্লেখ কৰে ।

লগতে পঢ়কঃ কোৱাৰেন্টাইন চেন্টাৰত অপ্ৰিতিকৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.