দৰং,21 নৱেম্বৰ: বৃহস্পতিবাৰে ভূমিকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দৰং জিলাৰ খাৰুপেটীয়াৰ পূব বাহাবাৰী গাঁৱত সংঘটিত হ'ল এক হৃদয়বিদাৰক হত্যাকাণ্ড ৷ মাটিৰ বাবেই কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে জেষ্ঠ ভাতৃয়ে ৷ ঘটনা অনুসৰি বৃহস্পতিবাৰে পুৱাই ধান কাটিবলৈ ধাননি পথাৰলৈ গৈছিল দুয়ো ভাতৃ ৷ কিন্তু ধান কাটি থকাৰ মাজতে মাটিৰ কথাক লৈ দুয়ো ভাতৃৰ মাজত হতাহতিৰ সৃষ্টি হয় যাৰ পৰিণতি স্বৰূপে কনিষ্ঠ ভাতৃ ছাহজাহান আলিয়ে হত্যা কৰে জেষ্ঠ ভাতৃ ছোলেমান আলিক ৷
ইফালে এই হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে হত্যাকাৰী ভাতৃ ছাহজাহান আলি ৷ পাছত স্থানীয় ৰাইজে ধাননি পথাৰত ছোলেমান আলিৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষীৰ এটা দল উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷