ETV Bharat / state

বিশ্বব্যাপী কৰ'ণা ভাইৰাছকলৈ আতংকিত ৰাজ্যবাসী

author img

By

Published : Mar 17, 2020, 5:39 AM IST

সমগ্ৰ বিশ্বব্যাপী মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছকলৈ ব্যাপক তৎপৰতা ৷ সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ'ণা ভাইৰাছকলৈ জিলা প্ৰশাসন তৎপৰ হৈ পৰে যদিও শিলচৰত কৰ'না ভাইৰাছৰ পৰা পৰিত্ৰাণ বিচাৰি আয়োজন কৰে বিশ্ব শান্তি যজ্ঞৰ ৷ আনহাতে, ডিব্ৰুগড়ত কৰ'ণা আছে বুলি মাংস এৰা সকলক যিমানে পাৰে সিমান মাংস খাবলৈ পৰামৰ্শ স্বাস্থ্য বিভাগৰ ৷

কৰ'ণা ভাইৰাছ
বিশ্বব্যাপী কৰ'ণা ভাইৰাছকলৈ আতংকিত ৰাজ্যবাসী

নিউজ ডেস্ক, 16 মাৰ্চঃ ছিপাঝাৰত এজন বিদেশী পৰ্যটকক লৈ হাহাকাৰ পাথৰিঘাট অঞ্চলত ৷ ক'ৰণা ভাইৰাছৰ বাবেই ছিপাঝাৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কটাহীত উপস্থিত হোৱা জাৰ্মানীৰ এগৰাকী পৰ্যটকক লৈ আতংকিত হৈ পৰে ছিপাঝাৰবাসী ৷ যাৰ বাবে পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটি দল কটাহীত উপস্থিত হৈ জাৰ্মানীৰ পৰ্যটক গৰাকীক স্বাস্থ্য কেন্দ্ৰটিত লৈ আহে ৷ পৰ্যটক গৰাকীক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰিক্ষা কৰি ১৪ দিনৰ বাবে সকলোৰে পৰা দূৰত থাকিব পৰামৰ্শ প্ৰদান কৰে ৷

সমগ্ৰ বিশ্ব জুৰি কৰ'না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰা সময়তে শিলচৰত কৰ'না ভাইৰাছৰ পৰা পৰিত্ৰাণ বিচাৰি আয়োজন কৰে বিশ্ব শান্তি যজ্ঞৰ ৷ শিলচৰ তাৰাপুৰ শিৱ মন্দিৰত আৰ্য্য পৰিষদ শিববাড়ী কমিটিয়ে এক বিশেষ পূজাৰ্চনাৰ আয়োজন কৰে যজ্ঞৰ ৷ পুৱা ভাগৰ পৰাই সোতৰ জন পুৰোহিতে বিশেষ এই পূজা আৰু যজ্ঞত ভাগ লয় ।

কৰ'ণা আছে বুলি মাংস এৰা সকলক যিমানে পাৰে সিমান মাংস খাবলৈ পৰামৰ্শ স্বাস্থ্য বিভাগৰ ৷ মাংস খালে বডিৰ ইমুউনিটি বাঢ়ি কৰ'ণাৰ লগত যুজিবলৈ সহায় হ'ব মন্তব্য স্বাস্থ্য বিভাগৰ ।

কলিয়াবৰতো ক'ৰণা ভাইৰাচৰ সতৰ্কতামূলক ব্যৱস্থা মহকুমা প্ৰশাসনৰ ৷ বাংগালোৰ আৰু গুজৰাটৰ পৰা উলটি অহা দুটা দলক পৃথকে স্বাস্থ্য পৰীক্ষাৰ লগতে এজনৰ মাতৃৰো স্বাস্থ্য পৰীক্ষা জখলাবন্ধা এফ আৰ ইউত । সতৰ্কতা ব্যৱস্থা ৰূপে বৰ্তমান চিকিৎসকৰ পৰ্যবেক্ষণত আটাইকেইজন ।

আৰু পঢ়কঃ কৰিমগঞ্জত শ্ৰদ্ধা জ্ঞাপন বিষ্ণুপ্ৰিয়া মনিপুৰী বীৰাংগনা সুদেষ্ণা সিনহাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.