ETV Bharat / state

দৰঙত নতুনকৈ ১২৯ গৰাকী ক'ভিডত আক্ৰান্ত - জিলাখনত ক'ভিড আক্ৰান্তৰ লোকৰ সংখ্যা ২২৪৭ জনলৈ বৃদ্ধি

মঙলবাৰে দৰঙত ১২৯ জন লোকৰ শৰীৰত ধৰা পৰে ক'ভিড ১৯ ৰ অৱস্থিতি । ইয়াৰ ফলত মঙলবাৰৰ দিনটোলৈকে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ লোকৰ সংখ্যা ২২৪৭ জনলৈ বৃদ্ধি পায় ।

corona virus
দৰঙত নতুনকৈ ১২৯ গৰাকী ক'ভিডত আক্ৰান্ত
author img

By

Published : May 12, 2021, 9:45 AM IST

মঙলদৈ, ১২ মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যতো মহামাৰী কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ অব্যাহত আছে । দৰং জিলাতো দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । মঙলবাৰে দৰঙত ১২৯ জন লোকৰ শৰীৰত ধৰা পৰে ক'ভিড ১৯ ৰ অৱস্থিতি । ইয়াৰ ফলত মঙলবাৰৰ দিনটোলৈকে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ লোকৰ সংখ্যা ২২৪৭ জনলৈ বৃদ্ধি পাইছে ।

জানিব পৰা অনুসৰি, সম্প্ৰতি ১০৯৬ জন ক'ভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে । ইয়াৰে ১২৩ জন চিকিৎসালয়ত থকাৰ বিপৰীতে ৯৭০ জন আক্ৰান্ত হোম আইছলেশ্যনত আছে । চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্তসকলৰ ভিতৰত ৪৯ জন মঙলদৈ অসামৰিক চিকিৎসালয়ত, ৭ জন দুনী আদৰ্শ চিকিৎসালয়ত আৰু ৪৬ জন জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

একেদৰে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১১ জন, জি এন আৰ চি হাস্পতাল, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু নেমকেয়াৰ হাস্পতালত ২ জনকৈ, নাৰায়ন হৃদালয়া, দিছপুৰ হাস্পতাল, স্বাগত হাস্পতাল আৰু অৰুণা মেমৰিয়েল হাস্পতালত এজনকৈ লোক চিকিৎসাধীন হৈ আছে ।

আনহাতে মঙলবাৰৰ দিনটোত জিলাখনত ক'ভিডৰ ১২৯২ টা ৰেপিড্ এন্টিজেন পৰীক্ষা (RAT) সম্পন্ন হোৱাৰ বিপৰীতে ১৮০ টা আৰ টি পি চি আৰ (RTPCR) নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: ধুবুৰীত কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৩২৭ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.