ETV Bharat / state

গণক সমাজ আৰু কোঁচ ৰাজবংশী দল সংগঠনৰ মাজত সৌহাদ্যপূৰ্ণ আলোচনা - Family victimized by social exclusion

মঙলবাৰে দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত মঙলদৈ পতালছিংপাৰাৰ অতুল শৰ্মাৰ মৃত্যুত যি অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ (Tragic story of Atul Sarma) হৈছিল সেই সন্দৰ্ভত আয়োজন কৰা হয় এক সভাৰ ৷ সভাত উপস্থিত থাকে পতালচিংপাৰা গণক সমাজ, কোঁচ ৰাজবংশী সন্মিলনী আৰু আক্ৰাছু প্ৰতিনিধি ৷

Cordial discussions between Ganak Samaj and Koch Rajbongshi Organization of Mangaldoi
মঙলদৈ পতালছিংপাৰাৰ গণক সমাজ আৰু কোঁচ ৰাজবংশী দল সংগঠনৰ মাজত সৌহাদ্যপূৰ্ণ আলোচনা
author img

By

Published : Aug 16, 2022, 4:44 PM IST

দৰং, 16 আগষ্ট : মঙলবাৰে মঙলদৈ পতালছিংপাৰাৰ গণক সমাজ আৰু কোঁচ ৰাজবংশীসকলৰ নেতৃত্বৰ মাজত আয়োজিত হয় এক সৌহাদ্যপূৰ্ণ আলোচনা । মঙলদৈ পতালছিংপাৰাৰ অতুল শৰ্মাৰ মৃত্যুত যি অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ (Family victimized by social exclusion) হৈছিল, সেই পৰিস্থিতি সাম কটোৱাৰ উদ্দেশ্যে দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আয়োজিত কৰা হয় এই আলোচনা চক্ৰখন ।

জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত আয়োজিত হোৱা আলোচনাত দুয়োখন সমাজে হাত মিলাই সকলো মান-অভিমান পৰিহাৰ কৰে । আনকি এই সভাতে কোঁচ ৰাজবংশী সমাজক ৰাজহুৱাকৈ ক্ষমা খুজিলে পতালছিংপাৰা গণক সমাজে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে কোঁচ ৰাজবংশী সমাজৰ লোকে ৷

মঙলদৈ পতালছিংপাৰাৰ গণক সমাজ আৰু কোঁচ ৰাজবংশী দল সংগঠনৰ মাজত সৌহাদ্যপূৰ্ণ আলোচনা

আনকি এই আলোচনা চক্ৰতেই মৃতকৰ শ্ৰাদ্ধৰ সকলো কাম-কাজত গণক সমাজে সহযোগ কৰাৰ লগতে পৰিয়ালটোক নিৰাপত্তা প্ৰদানৰো আশ্বাস দিয়ে গণক সমাজে । আনহাতে, ব্ৰাহ্মণৰ হতুৱাই মৃতকৰ শ্ৰাদ্ধ কৰোৱাব যদিও গণক সমাজৰ ব্ৰাহ্মণ নে আন ব্ৰাহ্মণৰ হতুৱাই শ্ৰাদ্ধ কৰোৱাব, সেই কথা সাংবাদিকৰ সন্মুখত কোঁচ ৰাজবংশী সমাজৰ লোকে পৰিষ্কাৰ কৈ উল্লেখ নকৰিলে ।

উল্লেখ্য যে, উক্ত সভাত উপস্থিত থাকে পতালচিংপাৰা গণক সমাজ, কোঁচ ৰাজবংশী সন্মিলনী আৰু আক্ৰাছুৰ প্ৰতিনিধি ৷

লগতে পঢ়ক : Social exclusion in Mangaldoi, সামাজিক সংকীৰ্ণতাৰ বলি এটা পৰিয়াল, গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.