মঙলদৈ, 3 জুলাইঃ সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । বহু ৰোগীৰ নাই ভ্ৰমণ বৃত্তান্ত । সেয়ে দৰঙতো কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে ।
শুকুৰবাৰে দৰঙৰ মঙলদৈত ষ্টেট বেংকৰ এগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰে COVID-19 । বৃহস্পতিবাৰেও কৰ্মৰত আছিল কিশোৰী লাল বাচফৰ নামৰ লোকজন ৷ তেওঁৰো নাছিল কোনো ভ্ৰমণ বৃত্তান্ত । তাৰ পাচতেই স্বাস্থ্য কৰ্মী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰে বেংকৰ এলেকাটো ।
ইয়াৰ পূৰ্বেও মঙলদৈত পূৰ্বে ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈ মিঠাইৰ দোকানৰ কৰ্মচাৰী এজন, এগৰাকী ANM, এগৰাকী ব্যৱসায়ী আৰু এগৰাকী দন্ত বিভাগৰ সহায়িকা ৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি ।
লগতে পঢ়ক :
যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ’ণাতংক