ETV Bharat / state

দৰঙত কোৱাৰেন্টাইন কেন্দ্ৰলৈ 30 খন বিছনা দান ব্যৱসায়ীৰ

author img

By

Published : May 27, 2020, 1:17 PM IST

জিলা উপায়ুক্তগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিছনা দান দিবলৈ আগবাঢ়ি আহিছে বিশিষ্ট ব্যৱসায়ী দুল হীৰা ৷

Businessman Dulal Hira donate 30 bed to district quarantine centre
দৰঙত কোৱাৰেন্টাইন কেন্দ্ৰলৈ 30 খন বিচনা দান ব্যৱসায়ীৰ

দৰং, 27 মে': বহিঃৰাজ্যৰ পৰা অহা লোকেৰে ক্ৰমাৎ ভৰি পৰিছে ৰাজ্যৰ কোৱাৰেন্টাইন কেন্দ্ৰসমূহ ৷ যাৰবাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসনসমূহ ৷ ইয়াৰ মাজতে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত লাহে লাহে বিশেষকৈ বিছনা-পাতিৰ অভাৱ হ'ব বুলি উল্লেখ কৰি যদিহে কাৰোবাৰ অতিৰিক্ত বিছনা, খাট আছে তেনেহ'লে স্বেচ্ছাই প্ৰশাসনক ব্যৱহাৰ কৰিবলৈ দি জনসাধাৰণৰ উপকাৰ কৰিবলৈ আহ্বান জনাইছিল দৰঙৰ উপায়ুক্তই ৷ ইয়াৰ পাছতে জিলা উপায়ুক্তগৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বিছনা দান দিবলৈ আগবাঢ়ি আহিছে বিশিষ্ট ব্যৱসায়ী দুলাল হীৰা ৷

মঙলদৈ চহৰৰ এই গৰাকী সমাজহিতৈষী ব্যৱসায়ীয়ে উপায়ুক্তগৰাকীৰ আহ্বানক সন্মান জনাই বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰাখিব পৰাকৈ কোৱাৰেন্টাইন কেন্দ্ৰৰ বাবে প্ৰশাসনক প্ৰদান কৰিলে 30 খন নতুন বিছনা ৷ প্ৰশাসনক গতাই দিবৰ বাবে ইতিমধ্যেই প্ৰস্তুত কৰি তোলা হৈছে বিছনা কেইখন ৷ লগতে যিসকলে পাৰে তেঁওলোকক এই সংকটৰ সময়ত চৰকাৰ তথা প্ৰশাসনক সহায় কৰিবলৈ আহ্বান জনাই ব্যৱসায়ীগৰাকীয়ে ৷

লগতে পঢ়কঃ কোৱাৰেন্টাইন কেন্দ্ৰত নিয়ম উলংঘা কৰিলে বৃদ্ধি পাব কোৱাৰেন্টাইনৰ ম্যাদঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.