দৰং, 20 মে’ : প্ৰতিটো ইটাৰ ৯.৫০ টকা দৰত জিএচটি, প্ৰশাসনৰ নিৰিখ ১২ টকা কিন্তু বিক্ৰী হয় ১৫ ৰ পৰা ১৮ টকাত ৷ দৰঙত ৫৬ টা ইটাভাটাৰ মালিকৰ ধনৰ লালসাত পণবন্দী গ্ৰাহক-হিতাধিকাৰী । ইটাভাটা বেপাৰীৰ সহযোগত মধ্যভোগীয়ে সৃষ্টি কৰিছে ক'লা বজাৰ ৷ ভুক্তভোগীয়ে দাবী কৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ ।
দৰঙৰ ছিপাঝাৰ, পাথৰিঘাট, মঙলদৈ, পূব মঙলদৈ আৰু দলগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত ভিন্ন স্থানত নিৰ্মাণ কৰা ৫৬ টাকৈ ইটাভাটাই শেহতীয়াকৈ ইটা বিক্ৰীৰ নামত কৌশলৰে গ্ৰাহকক মাধমাৰ শোধোৱাৰ লগতে অবৈধ বেহাত নামি পৰাৰ গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে । চৰকাৰী নীতি-নিয়ম ধোঁৱাচাঙত তুলি কেৱল ধনৰ লোভত ভাগে ভাগে মেনেজ কৰি চলাই থকা এই ইটাৰ ব্যৱসায়ীয়ে শেহতীয়া কৰ্মকাণ্ডৰে দৰঙৰ ৰাইজক লুটি খোৱাৰ লগতে জিলা প্ৰশাসনক দিয়া প্ৰতিশ্ৰুতিকে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰাটো স্পষ্ট হৈ পৰিছে (Bricks price fixed by administration) ।
লক্ষণীয় যে, দৰঙৰ ৫৬ টা ইটাভাটাৰ বেপাৰীয়ে ইটাৰ ব্যাপক চাহিদাৰ গইনা লৈ প্ৰতি হাজাৰ ইটা ১২ হেজাৰকৈ বিক্ৰীৰ প্ৰতিশ্ৰুতি দিছিল দৰং জিলা প্ৰশাসনক । বিশেষকৈ জিলা প্ৰশাসনে এই সন্দৰ্ভত কেইবাটাও বাতৰি প্ৰকাশৰ পাচত ভাটা বেপাৰীক প্ৰতিটো ইটাৰ দৰ ১৫/১৮ টকাৰ বিপৰীতে ১২ টকা কৰিবলৈ নিৰ্দেশ দিছিল । যদিও ইটা ব্যৱসায়ীয়ে প্ৰতি হেজাৰ ইটাৰ দৰ ৯,৫০০ টকা দেখুৱাই জিএচটি প্ৰদান কৰে, তথাপি প্ৰতিকূল বতৰত ক্ষতি দেখুৱাই জিলা প্ৰশাসনৰ অনুষ্ঠিত সভাত প্ৰতি হেজাৰত ১২ হেজাৰ টকা দৰ দাবী কৰি লয় । পিছে, উৎপাদিত পৰিমাণতকৈ নিৰন্তৰ নিম্ন পৰিমাণৰ হিচাব দি জিএচটিসহ অন্য কৰফাঁকি দি অহা বিক্ৰেতাসকলে প্ৰশাসনক দিয়া প্ৰতিশ্ৰুতি মঙলদৈ এৰাৰ লগে লগে পাহৰি যায় (Higher price of bricks in Darrang) ।
বিক্ৰেতাসকলে ইটাসমূহ ভাটাৰ পৰা আঁতৰাই একাংশ মধ্যভোগীৰ ঘৰ, বাণিজ্যিক প্ৰতিষ্ঠান আনকি গোপন স্থানত লুকুৱাই ৰাখি সৃষ্টি কৰে কৃত্ৰিম নাটনি । যাৰ বাবে দুখীয়া সকলে লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস অথবা ঠিকা কামত নিৰ্মাণৰ বাবে ইটা বিচাৰি ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হয় । ইটাৰ দোকান, বজাৰৰ সলনি মধ্যভোগীৰ জমাস্থানৰ পৰা বিক্ৰেতাসকলে বিক্ৰী কৰে ইটা । ফলত ৯.৫০ টকা জিএচটি, ১২ টকা সৰ্বসন্মত নিৰিখ ওফৰাই ইটা বেপাৰীয়ে প্ৰতিটো ইটাৰ বিপৰীতে ১৫ টকাৰ পৰা ১৮ টকালৈ সংগ্ৰহ কৰি আহিছে (Illegal brick klin) ।
ইটা বেপাৰীসকলৰ এই চলনাই সৰ্বাধিক ক্ষতি কৰিছে দীৰ্ঘদিনে এটা পকীঘৰৰ সপোন দেখি অহা প্ৰধানমন্ত্ৰী আৱাসৰ হিতাধিকাৰী সকলক । ঠিকা কামত ব্যৱহৃত ইটাৰ মূল্যবৃদ্ধিয়ে নিৰ্মাণৰ গুণগত মান নিম্নগামী কৰাটো নিশ্চিত যদিও প্ৰধানমন্ত্ৰী আৱাস লাভ কৰা সকলে কিন্তু এনে ক্ষতিৰ পৰা হাত সাৰিবলৈ ঘৰটো নিম্নদণ্ডৰে সাজিব নোৱাৰে । কিয়নো ইটাৰ দৰ বঢ়ালেও নিৰ্মাণ সম্পন্ন হ’লে নিজেই আৱাস হিচাবে দিন-ৰাতি অতিবাহিত কৰিব লাগিব । এতিয়া দেখা গৈছে যে দৰিদ্ৰ সকলৰ গৃহ নিৰ্মাণত প্ৰধান অন্তৰায় তথা শত্ৰু হৈ পৰিছে ইটা বেপাৰীসকল ।
লগতে পঢ়ক : Assam BJP conflict: ক্ষুব্ধ ! অসন্তুষ্ট ! বিজেপিত ব্যৱধান বাঢ়িছে ৰণজিৎ কুমাৰ দাস আৰু ভৱেশ কলিতাৰ