ETV Bharat / state

মঙলদৈ অসামৰিক চিকিৎসালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ

author img

By

Published : Apr 1, 2020, 10:46 AM IST

সামাজিক দূৰত্ব বজাই ৰখাৰ ওপৰত গুৰুত্ব দি মুখ্যমন্ত্ৰীয়ে লকডাউন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে

মুখ্যমন্ত্ৰী সোণোৱাল
মুখ্যমন্ত্ৰী সোণোৱাল

দৰং, 1 মাৰ্চ: মঙলবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত চিকিৎসালয়খনে লোৱা ব্যৱস্থাসমূহ পৰিদৰ্শনৰ বাবে বিধায়ক গুৰুজ্যোতি দাসৰ স'তে চিকিৎসালয়খনত উপস্থিত হৈ সকলো দিশ ভালদৰে চোৱা-চিতা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মঙলদৈ অসামৰিক চিকিৎসালয়ত কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ নিৰীক্ষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী সোণোৱাল
সামাজিক দূৰত্ব বজাই ৰখাৰ ওপৰত গুৰুত্ব দি মুখ্যমন্ত্ৰীয়ে লকডাউন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ আৰু নিয়মীয়াকৈ আৰক্ষীৰ টহলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী তথা বিদ্যুৎ যোগান সুনিশ্চিত কৰিবলৈ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। উল্লেখ্য যে, এই বৈঠকত উপস্থিত থকা সকলোকে এটা দল হিচাপে কাম কৰিবলৈ আৰু স্বাস্থ্যকৰ্মী তথা এই ক্ষেত্ৰত নিয়োজিত অন্যান্য ব্যক্তিসকলক উৎসাহিত কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক আহ্বান জনায় ৷

লগতে পঢ়কঃ কোভিড-19ৰ বিৰুদ্ধে যুজিবলৈ ৰামজী ৰাওৱে আগবঢ়ালে 20 কোটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.