দৰং, 29 অক্টোবৰ: ৰাষ্ট্ৰীয় পর্যায়ৰ কিক্ বক্সিং প্ৰতিযোগীতাত পুনৰ উজলিল এগৰাকী অসমৰ জীয়াৰী ৷ যোৱা ১৭ ৰ পৰা ২০ অক্টোবৰলৈ উত্তৰাখণ্ডৰ ডেৰাডুন মহাৰানা ক্ৰীড়া কলেজ খেলপথাৰত অনুস্থিত হোৱা ফেডাৰেচন কাপ কিক্ বক্সিং প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি সোনৰ পদক লাভ কৰিলে গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰী জিন্তী ৰাজবংশীয়ে ৷ দৰং-ওদালগুৰি সীমান্তবৰ্তী অতি পিছপৰা অঞ্চল বৰনদীঝাৰৰ এইগৰাকী যুৱতী নৱম শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰা কিক্ বক্সিং খেলৰ সৈতে জড়িত ৷ জিন্তীয়ে কিক্ বক্সিং খেলত জিলা পৰ্যায়ত ৫ টা , ৰাজ্যিক পৰ্যায়ত ৩ টা সোনৰ পদক লাভ কৰি দুবাৰকৈ ৰাষ্ট্ৰীয় প্ৰতিযোগীতাত অসমৰ হৈ অংশগ্ৰহণ কৰিছে ৷
ইফালে, আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ ব্লেক বেল্ট অমৰজিৎ চৌধুৰীৰ ওচৰত প্ৰশিক্ষণ গ্ৰহন কৰা জিন্তী ৰাজবংশীৰ ভৱিষ্যতে " মেৰীকমৰ " দৰে এগৰাকী খেলুৱৈ হোৱাৰ হেঁপাহ ৷ লগতে অহা জানুৱাৰী মাহত হবলগীয়া আন্তৰাষ্ট্ৰীয় কিক্ বক্সিং প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব জিন্তীয়ে ৷ মঙলবাৰে নিজ গৃহ বৰনদীঝাৰত আহি উপস্থিত হোৱা পাছত খেলুৱৈ গৰাকীক স্থানীয় লোক আৰু বিভিন্ন দল-সংগঠনে উষ্ম সম্বৰ্ধনা জনাই ৷