দৰং, 9 মে': দৰং গৰকাপ্তানি বিভাগৰ অন্তৰ্গত এটা পথৰ দুৰৱস্থা ৷ মঙলদৈ গ্ৰাম্যপথ সংমণ্ডলৰ অধীনৰ ছিপাঝাৰ সমষ্টিৰ দলং ঘাটৰ পৰা বৰপথাৰলৈ যোৱা পথে জীয়াতু ভোগাইছে পথচাৰীক ৷ এজাক বৰষুণতে যাতায়াত কৰিব নোৱাৰে স্থানীয় ৰাইজে ৷
নিৰ্বাচনৰ পূৰ্বে ২ কোটি ১২ লাখ ৫৩ হাজাৰ টকাৰ আঁচনিৰে আধাৰশিলা স্থাপন কৰিছিল ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ পিচে বৰ্তমানেও সম্পূৰ্ণ নহ'ল পথটোৰ নিৰ্মাণকাৰ্য ৷ শীঘ্ৰেই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে দুনী আঞ্চলিক সমিতিৰ সদস্যসকলে ৷