দলগাঁও, ২৯ অক্টোবৰ: দৰঙৰ খাৰুপেটীয়া বিদ্যুত উপ-সংমণ্ডলৰ কাণ্ডই বিপদ মাতিছে ৰাইজলৈ। জি এন বি ৰোডৰ খেতাশ্বৰ গাঁৱৰ ৭ নং ৱাৰ্ডত পথৰ কাষত বছৰ বছৰ ধৰি উন্মুক্ত অৱস্থাতে আছে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ।
পথৰ দাঁতিতে থকা পাচলিৰ দোকানত গ্ৰাহকে ভিৰ কৰে। আনহাতে ব্যস্ত পথটোৰে কণ কণ শিশুসহ বহুলোকে যাতায়াত কৰে। এনে পৰিস্থিতিত কাষতে উন্মুক্ত অৱস্থাতে থকা ট্ৰেন্সফৰ্মাৰটোৰ বাবে ভয়াৱহ বিপদ সংঘটিত হোৱাৰ আশংকা বিৰাজ কৰিছে।
ৰাইজৰ বাৰম্বাৰ আহ্বানলৈও ভ্ৰূক্ষেপ নাই বিভাগীয় কৰ্তৃপক্ষৰ। আজিকোপতি উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰটোৰ চাৰিওকাষে বেৰা নিদিলে অকৰ্মণ্য কৰ্মচাৰীয়ে। খাৰুপেটীয়া বিদ্যুত উপ-সংমণ্ডলৰ দায়িত্বজ্ঞানহীন কাণ্ডত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ।
লগতে পঢ়ক: কৰ’ণাতংকৰ মাজতে ৰাজ্যজুৰি পালন কৰা হ’ব লক্ষ্মী পূজা