দৰং,21 আগষ্ট: সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ সপক্ষে প্ৰচাৰ চলোৱাৰ অভিযোগত আৰক্ষীৰ হাতত আটক হ’বলগীয়া হৈছে দৰঙৰ এগৰাকী যুৱক ৷ শেহতীয়াভাৱে যুৱকগৰাকীয়ে আলফাৰ কিছু আপত্তিজনক তথ্য আপলোড কৰিছিল ফেচবুকত ৷ ইয়াৰ পিছত দৰং আৰক্ষীয়ে কৰায়ত্ত কৰে বিশ্বজিৎ ডেকা নামৰ যুৱকগৰাকীক ৷ তামুলীপাৰা গাঁৱৰ যুৱকগৰাকীক সম্প্ৰতি মঙলদৈ থানাত সোধ-পোছ চলাই থকা হৈছে ৷ আৰক্ষীয়ে যুৱকগৰাকীৰ পৰা জব্দ কৰিছে এটা ম’বাইল ফোন ৷ জব্দকৃত ম’বাইলটোৰ পৰা বহু তথ্য লাভ কৰিছে বুলি আৰক্ষীয়ে সদৰী কৰে ৷
লগতে চাওকঃ আশ্ৰয় শিবিৰত দুৰ্বিসহ জীৱন বাঘজানবাসীৰ