ETV Bharat / state

Anti Child Marriage Awareness Meeting: দৰঙত বাল্য বিবাহ প্ৰতিৰোধী সজাগতা সভা

author img

By

Published : Mar 31, 2023, 9:50 PM IST

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ সময়তে দৰং জিলাত গ্ৰহণ কৰা হৈছে এক বিশেষ কাৰ্যসূচী । দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা মহিলা আৰু শিশু বিকাশ বিভাগ তথা দৰং জিলা মহিলা সৱলীকৰণ কেন্দ্রৰ সহযোগত আয়োজন কৰা হয় বাল্যবিবাহ প্ৰতিৰোধী সজাগতা সভা(Anti Child Marriage Awareness Meeting in Darrang) ।

Anti-Child Marriage Awareness Meeting in Darrang
দৰঙত বাল্য বিবাহ প্ৰতিৰোধী সজাগতা সভা

দৰং,৩১ মাৰ্চ: দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা মহিলা আৰু শিশু বিকাশ বিভাগ তথা দৰং জিলা মহিলা সৱলীকৰণ কেন্দ্রৰ সহযোগত জিলা পুথিভঁৰালৰ সভাগৃহত এখনি বাল্যবিবাহ প্ৰতিৰোধী সজাগতা সভা অনুষ্ঠিত কৰা হয়(Anti Child Marriage Awareness Meeting in Darrang) । বিশেষভাবে জিলাখনৰ বিভিন্ন মন্দিৰৰ পূজাৰী তথা মছজিদৰ কাজী সকলৰ লগতে দৰং জিলা পৰিষদৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহৰ সচিবসকলক বাল্যবিবাহ সম্পর্কে সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় উক্ত সভাখনিৰ ।

অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত জোনটি ডেকাই । জিলা উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে সভাত উপস্থিত পূজাৰী তথা কাজীসকলক বাল্যবিবাহ প্ৰতিৰোধৰ ক্ষেত্রত যে তেওঁলোকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেই বিষয়ে সজাগ কৰাৰ প্ৰয়াস কৰে । লগতে এইক্ষেত্ৰত তেওঁলোকৰ সক্রিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই । ইয়াৰ উপৰিও জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়ত আৰু পৌৰ এলেকাতে এপ্ৰিল মাহৰ ভিতৰত বাল্যবিবাহ প্ৰতিৰোধী সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে (Crackdown on Child Marriage) ।

জিলা আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই জিলাখনত সংঘটিত হৈ থকা বাল্যবিবাহৰ ফলত হ'ব পৰা বিভিন্ন সমস্যা যেনে গাৰ্হস্থ্য হিংসা, কিশোৰী মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যজনিত সমস্যাসমূহৰ বিষয়ে প্ৰকাশ কৰে । জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই বাল্যবিবাহৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়োৱাৰ লগতে বাল্যবিবাহ প্ৰতিৰোধৰ ক্ষেত্রত গাঁও পঞ্চায়তৰ সভাপতি, সম্পাদকসকলে পালন কৰিবলগীয়া ভূমিকাৰ বিষয়ে বহলাই ব্যাখ্যা কৰে (Meeting on supporting anti Child marriage mission) ।

জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষ ড৹ বুধীন হাজৰিকাই জিলাখনৰ সামাজিক প্ৰেক্ষাপটত বাল্যবিবাহৰ কাৰণ সমূহৰ বিষয়ে অৱগত কৰে । উল্লেখ্য যে এই সভাত দৰং জিলা মহিলা সাৱলীকৰণ কেন্দ্ৰৰ দ্বাৰা প্ৰস্তুত কৰা বাল্যবিবাহ বিষয়ক আৰু বাল্যবিবাহ প্ৰতিৰোধত পঞ্চায়তৰ সভাপতি তথা সম্পাদকৰ কৰ্তব্য বিষয়ক অসমীয়া আৰু ইংৰাজীত একোখনকৈ পত্ৰিকা বিতৰণ কৰা হয় ।

এই সভাখনত জিলা উপায়ুক্ত নিৰ্দেশ অনুযায়ী জিলা মহিলা আৰু শিশু বিকাশ বিভাগে জিলাখনৰ আৰক্ষী চকী সমূহৰ পৰা সংগ্ৰহ কৰা বাল্যবিবাহৰ ভুক্তভোগীৰ তথ্য তথা তেওঁলোকৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এক তথ্য সম্বলিত আলোকপাত আগবঢ়ায় । এই কাৰ্যক্ৰমণিকাত দৰং জিলা উপায়ুক্তৰ নিৰ্দেশ মতে কৰা হৈছে যদি তেনে কোনো বাল্যবিবাহৰ ভুক্তভোগী কিশোৰী বিপদত পৰিছে বা পৰিব পাৰে তেনে কিশোৰীলৈ চৰকাৰী ব্যৱস্থাৰ মাজেদি সাহাৰ্য প্ৰদান কৰিব পৰা যায় ।

উক্ত সভাখনত দৰং জিলাৰ জিলা উন্নয়ন আয়ুক্ত শুভলক্ষী ডেকা, মঙলদৈ পৌৰ পৌৰপতিৰ লগতে জিলা মহিলা আৰু শিশু বিকাশ বিভাগ দৰং তথা জিলা মহিলা সাৱলীকৰণ কেন্দ্রৰ বিষয়াসকল, শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, মুখ্য সেৱিকা, অংগনবাদী কৰ্মী- সহায়িকা , বিভিন্ন বেচৰকাৰী স্বেচ্ছাসেৱক সংস্থাৰ বিষয়ববীয়াসকল আৰু অন্যান্য লোক উপস্থিত থাকে ।

লগতে পঢ়ক: Maran Jatiya Mahila Parishad : দুদিনীয়া কাৰ্যসূচীৰে মৰাণ জাতীয় মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱস

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.