ETV Bharat / state

কোভিড-19ৰ ভয়াৱহতালৈ ভ্ৰূক্ষেপ নাই জনতাৰ,বজাৰত দেখা গ'ল ভয়ংকৰ দৃশ্য - দৰং জিলাৰ দলগাঁও দৈনিক বজাৰ

সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ ৷ কিন্তু এতিয়াও সজাগ আৰু সচেতন হোৱা নাই সাধাৰণ ৰাইজ । ৰাইজৰ মুখত নাই মাস্ক,পালন কৰা নাই সামাজিক দূৰত্ব ৷ দৰং জিলাৰ দলগাঁও দৈনিক বজাৰত পৰিলক্ষিত এই দৃশ্য ৷ বজাৰৰ বেছি ভাগ দোকানী আৰু গ্ৰাহকে পিন্ধা নাই মাস্ক,মানা নাই কোনো সামাজিক দূৰত্ব ৷ সমান্তৰালকৈ যাত্ৰীবাহী গাড়ীতো বেছিভাগ যাত্ৰীকে পিন্ধা পৰিলক্ষিত নহ'ল মাস্ক ৷ একেদৰেই ফাৰ্মাচী আৰু চেলুনতো দেখা নগ'ল মাস্ক পৰিধান কৰা লোক ৷

কোভিড-19ৰ ভয়াৱহতালৈ ভ্ৰূক্ষেপ নাই জনতাৰ,বজাৰত দেখা গ'ল ভয়ংকৰ দৃশ্য

author img

By

Published : Sep 2, 2020, 12:24 AM IST

দৰং, 1 ছেপ্টেম্বৰ : ৰাজ্যৰ সমান্তৰালকৈ দৰং জিলাতো ভয়ানক ৰূপ ধাৰণ কৰিছে কোভিড-19য়ে । প্ৰতিদিনে অধিক ব্যক্তিৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । এই মুহূৰ্তলৈকে জিলাখনৰ বিভিন্ন প্ৰান্তত 2723জন ব্যক্তি কোভিড-19ত আক্ৰান্ত হৈছে ৷ লক্ষণীয়ভাৱে কোনো ভ্ৰমণ বুৰঞ্জী নথকা বহু কেইজন ব্যক্তিৰ শৰীৰত কোভিড পজিটিভ পোৱা ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে জিলাখনত । অৱশ্যে জিলাখনত এতিয়ালৈকে 2117জন ব্যক্তিক ৰিলিজ দিয়াৰ বিপৰীতে বৰ্তমানো চিকিৎসাধীন হৈ আছে 606জন কৰ'ণা আক্ৰান্ত ৰোগী ।

জিলাখনত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কৰ'ণা সংক্ৰমণৰ বাবে একাংশ লোক এতিয়াও সজাগ আৰু সচেতন হোৱা নাই ৷ ৰাইজৰ মুখত নাই মাস্ক,পালন কৰা নাই সামাজিক দূৰত্ব ৷ দৰং জিলাৰ দলগাঁও দৈনিক বজাৰত পৰিলক্ষিত এই দৃশ্য ৷ বজাৰৰ বেছি ভাগ দোকানী আৰু গ্ৰাহকে পিন্ধা নাই মাস্ক,মানা নাই কোনো সামাজিক দূৰত্ব ৷ সমান্তৰালকৈ যাত্ৰীবাহী গাড়ীতো বেছিভাগ যাত্ৰীকে পিন্ধা পৰিলক্ষিত নহ'ল মাস্ক ৷ একেদৰেই ফাৰ্মাচী আৰু চেলুনতো দেখা নগ'ল মাস্ক পৰিধান কৰা লোক ৷

কোভিড-19ৰ ভয়াৱহতালৈ ভ্ৰূক্ষেপ নাই জনতাৰ,বজাৰত দেখা গ'ল ভয়ংকৰ দৃশ্য

স্থানীয় সচেতন লোকৰ দাবী কৰ'ণা সংক্ৰমণ ৰোধ কৰিবলৈ এতিয়া মানুহৰ মাজত কৰ'ণাৰ ভয় কম ৷ এনে অৱস্থাত ৰাজ্যৰ সমান্তৰালকৈ জিলাখনত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যাক লৈ স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনে কি ব্যৱস্থা লৈ সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক : চাৰিলেনযুক্ত পথৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ বৰ্ধিত মূল্য বিচাৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.