ETV Bharat / state

দৰঙত অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ

author img

By

Published : Jun 10, 2020, 8:21 PM IST

বুধবাৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই সংবাদমেল যোগে এচাম লোকে জালিয়াতিৰে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি থকাৰ এক অভিযোগ উত্থাপন কৰিছে ।

দৰঙত অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ
দৰঙত অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ

মঙলদৈ, 10 জুনঃ মঙলদৈ প্ৰেছ ক্লাৱত বুধবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল কিশোৰ বনিয়াই এনআৰচিৰ লিগেচী তথ্যৰ ভিত্তিত মঙলদৈৰ পিংকুমনি দাস নামৰ লোকজনে ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে অনুসূচিত জাতিৰ সদস্য বুলি পৰিচয় দিয়া কাৰ্যত উদ্বেগ প্ৰকাশ কৰে ।

সংবাদমেলত ছাত্ৰ নেতা গৰাকীয়ে পিংকুমনি দাসৰ পিতৃ উচ্চ বাঙালী সম্প্ৰদায়ৰ আৰু মাতৃ কৈৱৰ্ত সম্প্ৰদায়ৰ বুলি তথ্য সহকাৰে প্ৰকাশ কৰি মাতৃৰ উপাধিৰ সূত্ৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা চল-চাতুৰিৰে জাতিগত প্ৰমাণ পত্ৰ উলিওৱা বুলি অভিযোগ উথাপন কৰিছে ।

এগৰাকী উচ্চ বাঙালী OBC সম্প্ৰদায়ৰ ব্যক্তি কোনো কাৰণতে অনুসূচিত জাতিৰ লোক বুলি গ্ৰহণ কৰা নহয় বুলি সংবাদমেলত সভাপতি বনিয়াই স্পষ্ট কৰি দিয়ে ।

শেহতীয়াকৈ এনে এক জাতিৰ প্ৰমাণ পত্ৰৰ জালিয়াতিৰ ক্ষেত্ৰত এটা গোচৰ চলি থকাৰ পিছতো পিংকুমনি দাসে নিজকে জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি বুলি পৰিচয় দিয়া কাৰ্যকো অসাংবিধানিক বুলি উল্লেখ কৰে যুগল কিশোৰ বনিয়াই ।

ছাত্র সংগঠনটোৰ কেইবাগৰাকীও নেতা উপস্থিত থকা সংবাদমেল খনত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই পিংকুমনি দাসক হাত উজান দিয়া বুলিও প্ৰকাশ কৰে সভাপতি যুগল কিশোৰ বনিয়াই ।

লগতে চাওকঃ লক ডাউনে হ্ৰাস কৰিছে মাৰুটি চুজুকী ইণ্ডিয়াৰ উৎপাদন ক্ষমতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.