ETV Bharat / state

Foundation Day of Mangaldoi Press Club: সমাজৰ প্ৰগতিত সংবাদ মাধ্যমৰ গধুৰ দায়িত্ব আছে - Assam Fisheries Development Corporation

মঙলদৈ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস পালন (Mangaldoi Press Club)। এই দিৱসত অংশগ্ৰহণ কৰি উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে কয় যে প্ৰশাসনেও বহু সময়ত বাতৰিৰ ওপৰত নিৰ্ভৰ কৰি চলে ।

29th Foundation Day of Mangaldoi Press Club
মঙলদৈ প্ৰেছ ক্লাব
author img

By

Published : Jun 10, 2023, 2:16 PM IST

দৰং, ১০ জুন:"সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। দেশ আৰু সমাজৰ প্ৰগতিৰ বাবে সংবাদ মাধ্যমৰ গধুৰ দায়িত্ব আছে । সেয়েহে প্ৰতিটো সৰু বৰ বাতৰিয়েই তৃণমূল পৰ্যায়ৰ পৰা গঠনমূলকভাৱে প্ৰকাশত গুৰুত্ব দিব লাগে । কিয়নো আপোনালোকে সংবাদসমূহ সাংবাদিকৰ দৃষ্টিভংগীৰে চাই যদিও আমি সাধাৰণ মানুহৰ দৃষ্টিৰে বাতৰিবোৰ চাওঁ ।" এই মন্তব্য় দৰং জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ । শুক্ৰবাৰে মঙলদৈ প্ৰেছ ক্লাবৰ ২৯ সংখ্য়ক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি অসম গৌৰৱ বঁটা প্ৰাপক উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে কয় যে বহু সময়ত প্ৰশাসনেও ছপা বা বৈদ্যুতিন মাধ্যমৰ সংবাদৰ ওপৰত নিৰ্ভৰ কৰি চলে (29th Foundation Day of Mangaldoi Press Club)। কেতিয়াবা কেতিয়াবা স্থানীয় আৰু গ্ৰাম্য অঞ্চলৰ বহু ঘটনা প্ৰবাহ প্ৰশাসনে গম নাপায় যদিও সাংবাদিকৰ পৰাই সেই খবৰ আমি পাওঁ।

অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে উদ্বোধন কৰা আৰু মঙলদৈ প্ৰেছ ক্লাৱৰ সভাপতি মদন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে জ্য়েষ্ঠ সাংবাদিক বিশ্বজিৎ দাসে (Assam Fisheries Development Corporation)। জ্য়েষ্ঠ সাংবাদিক বিশ্বজিৎ দাসে কয় যে সকলো সংবাদ বা বাতৰি দিয়া লোকক সাংবাদিক বুলি ক'ব নোৱাৰি। যেনেকৈ বাংলাৰ বিখ্যাত কবি জীবনানন্দই কৈছিল সকলো কবিতা লিখা লোককেই কবি বুলি কব নোৱাৰি, তেনেকৈ বাতৰি এটা দিলেই তেওঁ সাংবাদিক হ'ব নোৱাৰে। সাংবাদিক হ'বলৈ অধ্যায়ন পুষ্ট, নিদিষ্ট নীতি নিয়ম আৰু দায়বদ্ধতা থাকিব লাগিব । সাংবাদিকতা বিষয়টো ইমান সহজ নহয় বুলিও তেওঁ কয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ জটিল বৃত্তি দুটা হৈছে শিক্ষকতা আৰু সাংবাদিকতা । শিক্ষক এজনক প্ৰজন্মৰ পিছত প্ৰজন্মই যেনেকৈ অনুকৰণ কৰে, ঠিক তেনেকৈ সংবাদ মাধ্যমৰ বাতৰি এটাকো জনসাধাৰণে অনুকৰণ কৰে । সেয়েহে ভুলে শুদ্ধই তৎকালীনভাৱে বাতৰি দিব খোজাটো ভুল । শিক্ষক আৰু সাংবাদিকে ভুল কৰিব নালাগে বুলি তেওঁ কয় । তদুপৰি সংবাদ মাধ্যমত শব্দ প্ৰয়োগ, শব্দ উচ্চাৰণ আদিবোৰত সদায় সৰ্তক হ'ব লাগে বুলিও তেওঁ কয় ।

জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে পুনৰ কয় যে ভাৰতীয় সংবিধানৰ ১৯(ক) ধাৰাত যি বাক স্বাধীনতা উল্লেখ কৰা হৈছে একেই ক্ষমতা দিয়া হৈছে সাংবাদিক সকলকো (Article 19a of Constitution of India)। তাৰবাদে অন্য কোনো সা সুবিধা প্ৰদান কৰা নাই । ইয়াৰ বিপৰীতে সাংবাদিকসকলক নিয়ন্ত্ৰণ কৰিবলৈ ৭৫ খন আইন আছে । গাম্ভীৰ্যপূৰ্ণ সভাখনত দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । উক্ত সভাত নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি মঙ্গলদৈ প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা তথা মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকাই বক্তব্য আগবঢ়ায় কয় যে সাংবাদিক সকলে নিজৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে একত্ৰিত ভাৱে কাম কৰিব লাগিব ।

এই সভাখনত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলাকান্ত বৰা, অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক তথা উত্তৰ পূৰ্বাঞ্চল সাংবাদিক ফ'ৰামৰ সমন্বয়ক মুকুট ৰাজ শৰ্মা, জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্ত্ৰা ভৱেন বৰ্মন, আছুৰ কেন্দ্ৰীয় বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশীসহ বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে । প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতাই আতঁধৰা উক্ত সভাত দীৰ্ঘদিনে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়োৱা মঙলদৈৰ বিশিষ্ট সাংবাদিক কৃষ্ণ দেৱ ওজাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । আনহাতে, প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা সংঘৰ পতাকা উত্তোলন কৰে সভাপতি মদন চন্দ্ৰ বৰুৱাই । তদুপৰি স্মৃতি তৰ্পণ কৰে বিশিষ্ট সমাজ সেৱক ৰাণা আলমে । উক্ত অনুষ্ঠানত দৰং জিলা আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Moran rape case:বিদ্যালয়ৰ চকীদাৰৰ কামনাৰ বলি হ'ল এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.