ETV Bharat / state

World environment day : ৰাজ্য়জুৰি পালন বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী - বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী

দেশ তথা ৰাজ্য়ৰ সৰ্বত্ৰে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী (World environment day) ৷ ৰোপণ কৰা হৈছে বিভিন্ন গছৰ পুলিও ৷ আনকি ৰাজ্যৰ কিছু কিছু স্থানত বাটৰ নাটো প্ৰদৰ্শন কৰা হয় ৷

World environment day
বিশ্ব পৰিৱেশ দিৱস পালন
author img

By

Published : Jun 5, 2023, 2:16 PM IST

বিশ্ব পৰিৱেশ দিৱস পালন

নিউজ ডেস্ক, 5 জুন : আজি বিশ্ব পৰিৱেশ দিৱস (World environment day) ৷ সমগ্ৰ দেশজুৰি পালন কৰা হৈছে এই পৰিৱেশ দিৱসটি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত জিলা কেন্দ্ৰটো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস (World environment day celebrates all over India)।

চিৰাং জিলা লোক নিৰ্মাণ বিভাগৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলা কেন্দ্ৰ চৌহদত আজি বিভিন্ন ফল মূলৰ গছপুলি ৰোপণ কৰা হয় । অনুষ্ঠানত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী, চিৰাং লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা অৱণী কুমাৰ শৰ্মা বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ৷ এই কাৰ্যসূচীত শতাধিক বিভিন্ন ফল-মূলৰ গছপুলি ৰোপণ কৰা হয় ৷

ইফালে ধেমাজিৰ কাছাৰী ময়দানতো ধেমাজি জলা প্ৰশাসনৰ উদ্যোগত আৰু ধেমাজি বনবিভাগৰ সহযোগত সামূহিক বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ পুৱা ধেমাজি কাছাৰী ময়দানত সাংসদ প্ৰদান বৰুৱাই গছপুলি ৰুই অনুষ্ঠানটোৰ মুকলি কৰে ৷

এই অনুষ্ঠানত ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালী, ধেমাজি পৌৰসভাৰ সভানেত্ৰীৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়েও অংশগ্ৰহণ কৰে ৷ ইপিনে আজিৰ দিনটোৰ পৰাই জিলাখনত প্লাষ্টিক মুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি উপায়ুক্তগৰাকীয়ে ব্যক্ত কৰে ৷ লগতে পৰিৱেশৰ ওপৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ধেমাজি আগশাৰী নাট্যগোষ্ঠী মেকবেথ ড্ৰামাৰ দ্বাৰা ধেমাজি আৰু চিলাপথাৰত বাটৰ নাট প্ৰদৰ্শন কৰা হয় । ধেমাজি নগৰ এমই স্কুলৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত বাটৰ নাট প্ৰদৰ্শন কৰা বাটৰ নাট উদ্বোধন কৰে ড° অন্নজ্যোতি গগৈয়ে ৷

World environment day celebrates all over India
বিশ্ব পৰিৱেশ দিৱস পালন

ইফালে কলিয়াবৰ শাখা বিজ্ঞান সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পশ্চিম পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী ৷ বিদ্যালয়ৰ চৌহদ আৰু ভিন্ন প্ৰান্তত বৃক্ষ ৰোপণ কৰাৰ লগতে পৰিৱেশ সজাগতাৰে বাটৰ নাট প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰীয়ে ।

আনহাতে, মৰিগাঁও জিলা প্ৰশাসন, মৰিগাঁও পৌৰসভাৰ, মৰিগাঁও সমান্তৰালকৈ মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰত বৃক্ষ ৰোপণৰে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস উদযাপন । বিশেষকৈ মৰিগাঁও জিলা প্ৰশাসন হৈ মৰিগাঁও চহৰৰ মাজমজিয়াত থকা পদুম পুখুৰীৰ পাৰৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দ্যুতিভা বৰাই আনুষ্ঠানিকভাৱে বকুল আৰু নিমগছৰ পুলি ৰোপণৰে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ।

এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াব মৰিগাঁও পৌৰসভাৰ পৌৰপতি যুগেশ তামুলী আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ বিষয়া ডাঃ জয়াপ্ৰভা বড়োৱে । মৰিগাঁও পৌৰসভাৰ পদুম পুখুৰীৰ পাৰত গছপুলি ৰোপণ কৰি সংবাদ মাধ্যমৰ জৰিয়তে পৌৰপতি যুগেশ তামুলীয়ে মৰিগাঁও জিলা প্ৰশাসন এই সহযোগিতাক শলাগ লয় ।

আনহাতে, অতিৰিক্ত উপায়ুক্ত দ্যুতিভা বৰাই কয় যে মৰিগাঁও জিলা প্ৰশাসন উদ্যোগত পালন কৰা বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আদি যি ঠাইত গছৰ প্ৰয়োজন আছে তেনে ঠাইতে সীমিত সংখ্যক বৃক্ষ ৰোপণ কৰা হৈছে ৷

লগতে পঢ়ক : World Environment day:টীয়কত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.