ETV Bharat / state

ছমাহৰ ভিতৰত কোচ-ৰাজবংশীক জনজাতিকৰণৰ দাবী জাতীয় মহাসভাৰ

কোচ-ৰাজবংশীসকল(Koch-Rajbongshi)ক পৰৱৰ্তী ছমাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ হুংকাৰ কোচ-ৰাজবংশী জাতীয় মহাসভা(Koch-Rajbongshi Jatiya Mahasabha)ৰ ৷ সেই উদ্দেশ্যে মহাসভাই বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

author img

By

Published : Nov 2, 2021, 1:16 PM IST

the-koch-rajbongshi-community-should-be-given-the-status-of-st-within-six-months
কোচ-ৰাজবংশীক জনজাতিকৰণৰ দাবী জাতীয় মহাসভাৰ

চিৰাং, 2 নৱেম্বৰ : পৰৱৰ্তী ছমাহৰ ভিতৰত কোচ-ৰাজবংশীসকল(Koch-Rajbongshi)ক জনজাতিকৰণৰ মৰ্যদা নিদিলে ‘বিজেপি হটাও, কোচ-ৰাজবংশী বচাও আন্দোলনৰ হুংকাৰ প্ৰদান কোচ-ৰাজবংশী জাতীয় মহাসভা(Koch-Rajbongshi Jatiya Mahasabha)ৰ ৷

জনজাতিকৰণৰ দাবীত সোমবাৰে বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে মহাসভাই ৷ কোচ-ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, উপদেষ্টাদ্বয় সতীশ পাটগিৰি আৰু ধনকান্ত ৰায়, সহকাৰী সাধাৰণ সম্পাদক জগন্নাথ ৰায়, প্ৰচাৰ সম্পাদক নিখিল ৰায় উপস্থিত থকা সঁজাতি দলটোৱে এই হুংকাৰ প্ৰদান কৰে ৷

কোচ-ৰাজবংশী জনগোষ্ঠীৰ অনুসূচিত জনজাতিকৰণৰ বিষয়টো শীঘ্ৰেই কাৰ্যকৰী কৰিবলৈ সোঁৱৰণী পত্ৰ দিয়া বুলি কোচ-ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰে ।

বিবৃতিত উল্লেখিত অনুসৰি, কোচ-ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰতিষ্ঠা আৰু জনজাতিকৰণৰ নায্য দাবীৰ প্ৰতি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰেই বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) নেতৃত্বাধীন অসম চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰেও জনগোষ্ঠীটোৰ এই নায্য দাবী সমাধানৰ বাবে প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু চৰকাৰে এতিয়া এই প্ৰতিশ্ৰুতিত পিছ হুঁহকিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জাতীয় মহাসভাৰ সদস্যসকলে ৷

উক্ত বিবৃতিত জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে, কোচ-ৰাজবংশী জাতীয় পৰিষদে নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে জনগোষ্ঠীটোৰ নায্য দাবী পূৰণৰ প্ৰতি সদুত্তৰ নাপালে অহৰহভাৱে তীব্ৰ গণতান্ত্ৰিক গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷

লগতে তেওঁ কয় যে, নৱেম্বৰ মাহৰ শেষলৈকে কোচ-ৰাজবংশী জাতীয় পৰিষদে জনগোষ্ঠীটোৰ নায্য প্ৰাপ্য আদায়ৰ দাবীত বিজনী চহৰস্থিত ঐতিহাসিক বুঢ়ী ঠাকুৰাণী থানত জনগোষ্ঠীয় পৰম্পৰাগত মাংগলিক ‘ধামাল’ কাৰ্যসূচীৰে গণ আন্দোলন ঘোষণা কৰাৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক : তিনিচুকীয়া নিৰ্বাচনী বিষয়াৰ উপস্থিতিত ডিগবৈত BLO সকলৰ প্ৰশিক্ষণ শিৱিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.