ETV Bharat / state

ফুটবল মেচৰ মাজতে চিৰাঙত দুই দলৰ তীব্ৰ সংঘাত

author img

By

Published : Sep 2, 2020, 9:53 PM IST

চিৰাঙত অনুমতি অবিহনে অনুষ্ঠিত ফুটবল প্ৰতিযোগিতা । ৰেফাৰীৰ পক্ষপাতিত্বৰ অভিযোগ । দুই দলৰ মাজত তীব্ৰ সংঘাত, সংকটজনক অৱস্থাত চাৰিজন খেলুৱৈক চিকিৎসালয়ত ভৰ্তি ।

আঘাতপ্ৰাপ্ত খেলুৱৈ সকল
আঘাতপ্ৰাপ্ত খেলুৱৈ সকল

চিৰাং, 2 ছেপ্তেম্বৰ: ৰাজ্যত চলি থকা ক’ভিড-19 ৰ বিভীষিকাৰ মাজতেই চিৰাং জিলাৰ বিভিন্ন ঠাইত অনুমতি অবিহনে অনুষ্ঠিত হৈছে ফুটবল প্ৰতিযোগিতা । চিৰাং জিলাৰ বামুনগাঁও দত্তপুৰ জালাং বাজাৰস্থিত খেলপথাৰত 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বি চাওৰাইগৌৰাই কোনো অনুমতি নোহোৱাকৈ অনুষ্ঠিত কৰিলে ফুটবল খেল ।

যোৱা 27 আগষ্টত আৰম্ভ হোৱা প্ৰতিযোগিতাৰ মঙলবাৰে বিয়লি দ্বিতীয় পৰ্যায়ৰ খেল অনুষ্ঠিত হয় । খেলখন হৈছিল বামুনগাঁও য়ুথ চেণ্টাৰ বনাম বামুনগাঁও বিৰবাণ্টা ক্লাৱৰ মাজত য’ত ৰেফাৰী হিচাপে পৰিচালনা কৰিছিল ৰিজয় বসুমতাৰী নামৰ এজন অস্বীকৃতিপ্ৰাপ্ত ৰেফাৰীয়ে । ৰিজয় বসুমতাৰীৰ নাই খেল পৰিচালনাৰ কোনো অনুজ্ঞা পত্ৰ । প্ৰত্যক্ষৰ্দশীৰ মতে খেল পৰিচালক তথা ৰেফাৰী লাইনমেনে খেলখন পৰিচালনাত পক্ষপাতিত্ব কৰাৰ লগতে বহু কেইটা ফাউল, অফচাইডৰ পৰা বামুনগাঁও বিৰবাণ্টা ক্লাৱক বঞ্চিত কৰে ।

চিৰাঙত ফুটবল মেচৰ মাজত উত্তেজনা

খেলৰ শেষ পৰ্যায়লৈকে পৰিচালকে পক্ষপাতিভাৱে পৰিচালনা কৰাত একাংশ খেলুৱৈয়ে পৰিচালকক কয় যে, তেওঁলোকৰ পক্ষৰ হেণ্ড বল, ফাউল আৰু অফচাইড কিয় নধৰে তাতে ক্ষুদ্ধ হৈ পৰিচালকে খেলুৱৈক অবাইচ ভাষাৰে গালি-গালাজ কৰে । পৰ্যায়ক্ৰমে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু অৱশেষত বামুনগাঁও বিৰবাণ্টা ক্লাৱৰ চাৰি খেলুৱৈক ক্ৰমে উপেন হেমব্ৰম, মনোজ চোৰেন, সন্তোষ মাৰ্ডী আৰু সুৰেশ বেশ্ৰাক একাংশ দৰ্শকৰ লগতে বিৰোধী দলৰ খেলুৱৈ সকলে উপৰ্যপৰি প্ৰহাৰ কৰে ।

পিচত আৰক্ষীৰ উপস্থিতিত হে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে । সন্ধিয়া আঘাতপ্ৰাপ্ত খেলুৱৈ সকলক চিদলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অনা হয় যদিও পিচলৈ উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখনীয় কথাটো হ’ল যে, জিলা প্ৰশাসনৰ পৰা খেলৰ কোনো অনুমতি নোহোৱাকৈ কাৰ আশীৰ্বাদত বিপিএফৰ প্ৰাৰ্থী বি চাওৰাইগৌৰাই ফুটবল প্ৰতিযোগীতাখন অনুষ্ঠিত কৰিবলৈ সাহস কৰিলে সেই লৈ উত্থাপন হৈছে প্ৰশ্ন । এই ক্ষেত্ৰত আৰক্ষীয়ে কিয় নিৰৱ ভূমিকা পালন কৰিছে । যদিহে খেলৰ অনুমতি আছিল তেন্তে কোনে দিলে খেলৰ অনুমতি এই কৰ’ণাময় পৰিৱেশৰ মাজত । কাৰ চত্ৰছায়াত চলিছে এই অসামাজিক আৰু চৰকাৰ বিৰোধী কাৰ্যকলাপ ।

এতিয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য । বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত সংঘটিত এনে ধৰণৰ আক্ৰমণৰ ঘটনাই খাণ্ডৱ দাহত পৰিণত হ’ব নেকি ? এই ধৰণৰ নানান প্ৰশ্নৰ উত্থাপন হৈছে এই মুহুৰ্তত । এই ঘটনাক লৈ যোৱা নিশাৰ পৰাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য তথা আতংকই বিৰাজ কৰিছে ।

লগতে চাওক-বিজেপি চৰকাৰক তুলাধূনা তিনি কংগ্ৰেছ বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.