টিংখাং, 11 ছেপ্টেম্বৰ : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত চুতীয়া ছাত্ৰসন্থাৰ ৰাজগড় আঞ্চলিক সমিতিৰ প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্ম পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
চুতীয়া জনগোষ্ঠীৰ লোকসকক স্বায়ত্ব শাসন প্ৰদান কৰা আৰু চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি মযৰ্দা প্ৰদান কৰাৰ দাবীত ৰাজগড় ৰঙাবননী তিনিআলিত চুতীয়া ছাত্ৰ সন্থাই এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীয়ে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,বিজেপিৰ কাম নাই, নৰেন্দ্ৰ মোডী গ’ বেক, আদি বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ।
লগতে পঢ়ক : ‘কা’ আৰু EIA 2020 বাতিলৰ দাবীত টিংখাঙত জোঁৰ সমদল