চিৰাং, 15 ডিচেম্বৰ : মঙলবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজন কৰা হয় এখনি সভাৰ ৷ এই সভাতে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ দাসে নিজৰ দায়িত্বত থকা তিনিওটা বিভাগৰে কাম-কাজসমূহৰ বিষয়ে পৰ্যালোচনা কৰে (minister Ranjit Kumar Dass holds review meeting)৷
মন্ত্ৰীগৰাকীয়ে চিৰাং জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগ(Public Health Engineering Department)ৰ দ্বাৰা ৰূপায়ণ হৈ থকা জল জীৱন মিছনৰ কামৰ অগ্ৰগতিৰ বিষয়েও পৰ্যালোচনা কৰে ৷ লগতে জিলাখনৰ জল জীৱন মিছন (Jal Jeevan Mission at Chirang)ৰ প্ৰকল্পসমূহ সঠিক সময়ত সম্পূৰ্ণ কৰি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, জিলাখনৰ উত্তৰাঞ্চলৰ গাঁৱসমূহৰ পানী বাহিৰ কৰাৰ ক্ষেত্ৰত আহি পৰিছে বিভিন্ন সমস্যা ৷ কিয়নো জিলাখনৰ উত্তৰ অঞ্চলটোৰ অধিকাংশ স্থানেই শিলাময় ৷ সেয়ে উন্নত মানৰ যন্ত্ৰ ব্যৱহাৰ কৰি এই ব্যৱস্থা শীঘ্ৰে সূচল কৰা হ'ব বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
লগতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমূহৰ ৰূপায়ণৰ ক্ষেত্ৰতো তদাৰক কৰে ৷ উজ্বলা যোজনাৰ ৰন্ধন গেছ আৰু প্ৰকৃত হিতাধিকাৰীয়ে যাতে ৰেচন কাৰ্ড লাভ কৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ আনকি এই কামসমূহৰ লগতে জিলাখনৰ ভিচিডিচিসমূহৰ জৰিয়তে ৰূপায়ণ হৈ থকা গ্ৰাম্য উন্নয়ন আঁচনিসমূহৰ ওপৰতো পৰ্যালোচনা কৰে ৷
মঙলবাৰে আয়োজন কৰা মন্ত্ৰী ৰণজিৎ দাসৰ এই পৰ্যালোচনা সভাত বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য ড৹ নিলোৎ স্বৰ্গীয়াৰী, বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত সকল, বিটিচিৰ বিভাগীয় মুৰব্বী বিষয়া লগতে চিৰাং জিলাৰ বিভাগীয় মুৰব্বী তথা বিষয়াসকল উপস্থিত থাকে ৷
পৌৰসভা নিৰ্বাচন (municipal election) সন্দৰ্ভতো মন্ত্ৰী দাসে মন্তব্য কৰে ৷ তেওঁ কয় যে, স্থানীয়ভাৱে বিজেপি-অগপ দলে আলোচনাৰ মাধ্যমত সিদ্ধান্ত ল’ব মিত্ৰতাৰ বিষয়ত ।
লগতে পঢ়ক : বাক্সা জিলাৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ