ETV Bharat / state

চিৰাঙত উদ্ধাৰ দুষ্প্ৰাপ্য লতামাকৰি

author img

By

Published : Dec 26, 2019, 2:20 PM IST

ঢালিগাঁও থানাত হঠাতেই ওলাল এটা লতামাকৰি বাঘ । লতামাকৰিটো চাবলৈ মানুহৰ ভিৰ।

দুষ্প্ৰাপ্য ক্লাউডেড লিঅ'পাৰ্ড
দুষ্প্ৰাপ্য ক্লাউডেড লিঅ'পাৰ্ড

চিৰাং, 26 ডিচেম্বৰ: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বঙাইগাঁও শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰত ৩১নং চি ৰাষ্ট্ৰীয় ঘাই পথত বুধবাৰে মাজ নিশা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা বিৰল প্ৰজাতিৰ জন্তু ৷ আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীয়ে নিয়মিত টহল দি থকা অৱস্থাত দৌৰি আহি আৰক্ষীৰ গাড়ীত খুন্দিয়ায় এই জন্তুবিধে । পাচলৈ আৰক্ষীয়ে বিৰল প্ৰজাতিৰ জন্তুবিধক উদ্ধাৰ কৰি থানালৈ লৈ আহে লগতে বৃহস্পতিবাৰে পুৱাই চিৰাং বন সংমণ্ডল বিভাগৰ বিষয়া ব্ৰহ্মানন্দ পাতিৰিক গতাই দিয়ে ।

চিৰাং
দুষ্প্ৰাপ্য ক্লাউডেড লিঅ'পাৰ্ড

বন বিষয়াই জনোৱা মতে উদ্ধাৰ হোৱা প্ৰাণীবিধ দুষ্প্ৰাপ্য লতামাকৰি (ক্লাউডেড লিঅ'পাৰ্ড) । হিমালয়ৰ পাদদেশ সমূহত মাজে সময়ে এই জন্তুবিধক দেখিবলৈ পোৱা যায় বুলি জনায় বনবিষয়াগৰাকীয়ে। ইতিমধ্যে বন বিভাগে উদ্ধাৰ কৰি কোকৰাঝাৰৰ বন্যপ্ৰাণী চিকিৎসালয়ত চিকিৎসা কৰাইছে জন্তুবিধক ৷ পৰৱৰ্তী সময়তহে ইয়াক ক'ত এৰি দিব সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বন বিভাগে।

দুষ্প্ৰাপ্য ক্লাউডেড লিঅ'পাৰ্ড

লগতে পঢ়ক: অখিল গগৈৰ বাসগৃহ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলয়ত NIAৰ অভিযান

Intro:চিৰাঙৰ ঢালিগাঁও থানাত হঠাতেই ওলাল বাঘ । বাঘ ছাবলৈ মানুহৰ ভিৰ । কি বাঘ এয়া ? বন বিভাগে জনোৱা মতে এয়া অতিকে দুষ্প্ৰাপ্য ক্লাউডেড লিঅপাৰ্ড । জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বঙাইগাঁও শোধনাগাৰৰ মুল প্ৰৱেশদাৰত ৩১নং চি ৰাষ্ট্ৰীয় ঘাই পথত মাজ নিশা দেৰ বজাত আৰক্ষীয়ে নিয়মিত টহল দি থকা অৱস্থাত দৌৰি আহি আৰক্ষীৰ গাড়ীত খুন্দিয়ায় । পিচলৈ আৰক্ষীয়ে বাঘ নে কুকুৰ বুলি দেখিবলৈ লওতে দৌৰি পলায় যদিও আৰক্ষীয়ে পিচত উদ্ধাৰ কৰি থানালৈ আনে । আজি ৰাতিপুৱা চিৰাং সংমণ্ডল বন বিভাগৰ বিষয়া (ডি এফ অ) ব্ৰহ্মানন্দ পাতিৰিক গতাই দিয়ে । বন বিষয়া জনে জনোৱা মতে এয়া অতিকে দুষ্প্ৰাপ্য ক্লাউডেড লিঅপাৰ্ড । ইয়াক হিমালয়ৰ পাদদেশ সমুহতে মাজে সময়ে দেখিবলৈ পোৱা যায় । বন বিভাগে উদ্ধাৰ কৰি কোকৰাঝাৰৰ বন্যপ্ৰানী চিকিৎসালয়ত চিকিৎসাৰ অন্তত কত এৰি দিব সেই বিষয়ে সিদ্ধান্ত গ্ৰহন কৰিব ।

বাইট : ব্ৰহ্মানন্দ পাতিৰি, চিৰাং ডি এফ অ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:চিৰাঙৰ ঢালিগাঁও থানাত হঠাতেই ওলাল বাঘ । বাঘ ছাবলৈ মানুহৰ ভিৰ । কি বাঘ এয়া ? বন বিভাগে জনোৱা মতে এয়া অতিকে দুষ্প্ৰাপ্য ক্লাউডেড লিঅপাৰ্ড ।

Conclusion:চিৰাঙৰ ঢালিগাঁও থানাত হঠাতেই ওলাল বাঘ । বাঘ ছাবলৈ মানুহৰ ভিৰ । কি বাঘ এয়া ? বন বিভাগে জনোৱা মতে এয়া অতিকে দুষ্প্ৰাপ্য ক্লাউডেড লিঅপাৰ্ড ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.