ETV Bharat / state

গণসুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীৰ সভাত বাধা প্ৰদান সন্দেহযুক্ত বিপিএফ সমৰ্থনকাৰীৰ

author img

By

Published : Dec 4, 2020, 3:55 PM IST

নিশা চিৰাঙৰ ঠুংকুবাৰীত ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ গণসুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী বিদ‍্যুত শৰণীয়াৰ সভাত সন্দেহযুক্ত বিপিএফ সমৰ্থকে বাধা দিয়াৰ লগতে আক্ৰমণৰ অভিযোগ । সভা চলি থকা সময়ত প্ৰায় ৪০ জনীয়া যুৱকৰ দলে প্ৰৱেশ কৰি সভা ভংগ কৰিবলৈ ধমকি দিয়াৰ লগতে প্ৰাৰ্থী বিদ্যুৎ শৰণীয়া সহ সভাত উপস্থিত থকা লোক সকলক বহু সময় আবদ্ধ কৰি ৰাখে ৷

pre election clash between suspected bpf workers and gsp worker at sidlee

চিৰাং, 4 ডিচেম্বৰ : নিশা ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থীৰ সভাত একাংশ যুৱকৰ গুণ্ডাগিৰি ৷ সভা চলি থকাৰ সময়তে প্ৰায় ৪০ জনীয়া যুৱকৰ দলে প্ৰৱেশ কৰি সভা ভংগ কৰিবলৈ ধমকি দিয়াৰ লগতে প্ৰাৰ্থী বিদ্যুৎ শৰণীয়াৰ লগতে সভাত উপস্থিত থকা লোক সকলক বহু সময় আবদ্ধ কৰি ৰাখে ৷ তেওঁ লোকৰ নিৰ্বাচনী প্ৰচাৰত বাধা দিয়াৰ লগতে মোবাইল কাঢ়ি লয় ।

pre election clash between suspected bpf workers and gsp worker at sidlee
গণসুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীৰ সভাত বাধা প্ৰদান সন্দেহযুক্ত বিপিএফ সমৰ্থনকাৰীৰ

প্ৰায় দেৰ ঘন্টা সময় প্ৰাৰ্থীগৰাকী আৰু সমৰ্থকক আৱদ্ধ কৰি ৰখাৰ পাচত চিদলী থানাত জনোৱাত অৱশেষ আৰক্ষী গৈ উদ্ধাৰ কৰে গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থীৰ লগতে কৰ্মকৰ্তা সকলক । শুকুৰবাৰে কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । বিটিচি নিৰ্বাচনৰ প্ৰাক ক্ষণত ঠায়ে ঠায়ে এইদৰেই চলি আছে নিৰ্বাচনী হিংসা । এটা দলে আনটো দলৰ কাৰ্যালয়ত আক্ৰমণ, পোষ্টাৰ-বেনাৰ আদি ফালি পেলোৱা ধৰণৰ বিভিন্ন ঘটনা পোহৰলৈ আহিছে ।

লগতে পঢ়ক : হাগ্ৰামা-হিমন্তৰ মাজৰ বাকযুদ্ধক নাটক আখ্যা এ‌আইইউডিএফ নেতৃত্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.