ETV Bharat / state

শিল্পী সত্বাৰে ভৰা এগৰাকী ব্যক্তি

এগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহৰ ভিন্ন প্ৰতিমূৰ্তিয়ে ৷ শংকৰদেৱৰ পৰা আৰম্ভ কৰি ভাৰত ৰত্ন ভূপেন হাজৰিকালৈ,লতা মংগেশকাৰৰ পৰা জয়ন্ত হাজৰিকা,জুবিন গাৰ্গ,হিমন্ত বিশ্ব শৰ্মা,এপিজে আব্দুল কালামকে ধৰি এশিঙীয়া গঁড়,ধনেশ পক্ষী আদিয়েও প্ৰাণ পাই উঠিছে শিল্পী গৰাকীৰ হাতৰ পৰশত ৷

author img

By

Published : Sep 9, 2020, 4:00 PM IST

এগৰাকী ব্যক্তি
এগৰাকী ব্যক্তি

চিৰাং, 9 ছেপ্তেম্বৰ: শিল্পী সত্বাৰে ভৰা এগৰাকী ব্যক্তি ৷ যাৰ শিল্পীসুলভ মন আৰু দুহাতৰ চমৎকাৰিতাক স্তব্ধ কৰিব পৰা নাই দৰিদ্ৰতায়ো ৷ লক ডাউনৰ সময়ছোৱাত লোকগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এজনৰ পাচত আনজন মহান শিল্পীৰ প্ৰতিমূৰ্তিয়ে ৷ বাঁহেৰে কেইবাগৰাকীও শিল্পীৰ প্ৰতিমূৰ্তিকে ধৰি চৰাই-চিৰিকতি,জীৱ-জন্তু আদি সাজি উলিওৱা লোকগৰাকীৰ নাম নবীন চন্দ্ৰ বৰ্মন ৷ চিৰাং জিলাৰ অন্তৰ্গত চিদলী ধলাগাঁৱৰ ৰাজাজানৰ বাসিন্দা শিল্পী গৰাকী ৷

বিমূৰ্ত বাঁহ এচপৰাক মূৰ্ত কৰি তোলা শিল্পী গৰাকী

শংকৰদেৱৰ পৰা আৰম্ভ কৰি ভাৰত ৰত্ন ভূপেন হাজৰিকালৈ,লতা মংগেশকাৰৰ পৰা জয়ন্ত হাজৰিকা,জুবিন গাৰ্গ,হিমন্ত বিশ্ব শৰ্মা,এপিজে আব্দুল কালামকে ধৰি এশিঙীয়া গঁড়, ধনেশ পক্ষী আদিয়েও প্ৰাণ পাই উঠিছে শিল্পী গৰাকীৰ হাতৰ পৰশত ৷ বাঁহেৰে এনেবোৰ সামগ্ৰী সজা শিল্পীগৰাকীয়ে দিনৰ ভাগত বঙাইগাঁও শোধনাগাৰত ৰং কৰা কৰ্মী হিচাপে কৰি আহিছে কাম ৷ কামৰ পৰা উভতিয়েই লাগি যায় বিমূৰ্ত বাঁহ এটুকুৰাক মূৰ্ত কৰি তোলাৰ কামত ৷ প্ৰথমাৱস্থাত লোকগৰাকীয়ে ঘৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এই সামগ্ৰী সমূহ সাজি উলিয়াইছিল যদিও আৰ্থিক দীনতাৰ বাবে সম্প্ৰতি তেওঁ সেই সামগ্ৰীসমূহ উচিত মূল্যত বিক্ৰী কৰিবলৈয়ো প্ৰস্তুত ৷

লোকগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এজনৰ পাচত আনজন মহান শিল্পীৰ প্ৰতিমূৰ্তিয়ে

কেৱল দিন হাজিৰাৰে পৰিয়াল পোহপাল দিয়া ব্যক্তিগৰাকীয়ে সম্প্ৰতি সন্মুখীন হৈছে যথেষ্ট অসুবিধাৰ ৷ কিয়নো আৰ্থিক দীনতাই জুৰুলা কৰিছে পেলাইছে এইগৰাকী শিল্পীক ৷ যাৰ বাবে লোকগৰাকীৰ শিল্পকৰ্মক প্ৰশংসাৰে উপচাই পেলোৱা স্থানীয় লোকেও সম্প্ৰতি তেওঁৰ বাবে চৰকাৰক অলপ সহায়ৰ হাত আগবঢ়াবলৈ জনাইছে অনুৰোধ ৷ চৰকাৰৰ এধানি সঁহাৰিয়ে হয়তো আগন্তুক দিনত এনেদৰেই শিল্পকৰ্ম অব্যাহত ৰাখি, শিল্পীগৰাকীয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বৃহত্তৰ অঞ্চলটোলৈ ৷

শিল্পী সত্বাৰে ভৰা এগৰাকী ব্যক্তি
শিল্পী সত্বাৰে ভৰা এগৰাকী ব্যক্তি

লগতে পঢ়ক: জন্মাষ্টমী উপলক্ষে শতকোটি নমন ত্ৰি-জগতৰ পতিগৰাকীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.