চিৰাং, 27 জুনঃ চিৰাঙত অনলাইন পাঠদানৰ লগতে দৰিদ্ৰ ছাত্ৰীৰ বাবে অফলাইন পাঠদানৰ ব্যৱস্থাৰ দাবী কৰে এবছুৰ সভাপতি দ্বিপেন বড়োই ৷ স্মাৰ্ট ফোন নথকাত অনলাইন পৰীক্ষা দিব নোৱাৰি আত্মহত্যা কৰা চিৰাঙৰ মেধাৱী ছাত্ৰ সুবুংসাৰ নাৰ্জাৰীৰ ঘৰত আজি উপস্থিত হৈ সাংবাদিকৰ আগত কেইবাটাও মন্তব্য কৰে সভাপতি জনে ৷
উল্লেখ্য যে, স্মাৰ্ট ফোন নথকাত অনলাই পৰীক্ষা দিব নোৱাৰি আত্মহত্যা কৰা চিৰাঙৰ মেধাৱী ছাত্ৰ সুবুংসাৰ নাৰ্জাৰীৰ ঘৰত আজি উপস্থিত হয় এবছুৰ সভাপতি দ্বীপেন বড়ো । এবছুৰ এটা সজাতি দলৰ সৈতে বড়োই শোক সন্তপ্ত পৰিয়ালটোৰ সৈতে বাৰ্তালাপ কৰে । দৰিদ্ৰ ঘৰৰ মেধাৱী ছাত্ৰ সুবুংসাৰ নাৰ্জাৰীৰ ঘৰত উপস্থিত হৈ শোক প্ৰকাশ কৰে ছাত্ৰ নেতাজনে ।
তাৰ পিচতে এবছুৰ সভাপতিজনে কয় যে চিৰাঙৰ টুক্ৰাঝাৰ হায়াৰ ছেকণ্ডাৰীৰ দশম শ্ৰেণীৰ ছাত্ৰ সুবুংসাৰ বসুমতাৰীৰ মৃত্যু অনাকাংক্ষিত । চৰকাৰে লক ডাউনৰ সময়ত অনলাইন পাঠদানৰ ব্যৱস্থা কৰিছে সেয়া ঠিকে আছে । কিন্ত এই অনলাইন পাঠদানত স্মাৰ্টফোন নথকা সকলৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই চৰকাৰে । গতিকে ইতিমধ্যে এই অনলাইন পাঠদানৰ বাবে অসমত এতিয়ালৈ মুঠ চাৰিজন ছাত্ৰ-ছাত্ৰী নিহত হব লগীয়া হল । গতিকে অসমৰ শিক্ষা বিভাগে ইয়াৰ পৰা শিক্ষা লৈ ভৱিষ্যতে যাতে এনে ধৰনৰ ঘটনা নহয় তাৰ বাবে অনলাইন পাঠদানৰ লগে লগে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী যিসকলৰ স্মাৰ্ট ফোন নাই তেওঁলোকৰ বাবে অফলাইন পাঠদানৰ ব্যৱস্থা কৰিব লাগে ।
যাতে ছাত্ৰ-ছাত্ৰী সকলে হীনমন্যতাত ভুগিৱ লবলগীয়া নহয় আৰু এই ধৰনৰ ঘটনাৰ পুনৰাবৃত্তি নহয় অসমত। নৱ প্ৰজন্মৰ এই সকল ছাত্ৰ-ছাত্ৰী দেশৰ ভৱিষ্যৎ গতিকে চৰকাৰে এই সকলক ৰক্ষাৰ দ্বায়িত্ব লব লাগিব । এবছুৰ সভাপতি জনে এই ক্ষেত্ৰত শিক্ষক সকলকো গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায় ।