চিৰাং, 22 অক্টোবৰ : চিৰাঙৰ ছাপাগুৰিত চিৰাং আৰক্ষী আৰু এচ এচ বিৰ যৌথ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন । জিলাখনৰ ছাপাগুৰিত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা বিজনীৰ কাৱাটিকাৰ ছানোৱাৰ ৰহমান (24) নামৰ লোকজনৰ পৰা 30 টাকৈ ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ জব্দ কৰা হয় ৷ ইয়াৰোপৰি, ৰহমানৰ পৰা এটা মোবাইল ফোন, দুটা ছিৰিঞ্জ, নগদ 500 টকা, এ এচ 19 এম-3393 জব্দ কৰে ।
চিৰাং জিলা (সদৰ)ৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ হয় এই ড্ৰাগছ ভৰ্তি কন্টেইনাৰ ৷ বিগত কিছুদিনৰ পৰা চিৰাং জিলাত আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ বহু পৰিমানৰ ড্ৰাগছৰ সৈতে কেইবাজনো লোক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে । তাৰ পিচতো জিলাখনত নতুন নতুন পন্থাৰে ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : সীমা বিবাদ : মিজোৰামৰ বিজেপি ৰাজ্যিক সভাপতিৰ বিতৰ্কিত মন্তব্য