চিৰাং, 9 ফেব্ৰুৱাৰী : উত্তৰ-পৰ্ব্বাঞ্চলীয় সংখ্যালঘু ছাত্ৰ সন্থা সন্থা চমুকৈ নেমছুৰ উদ্যোগত চিৰাং জিলা সমিতিৰ সদস্য সকলে মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিটিআৰত সংখ্যালঘু লোকসকলৰ শিক্ষা, স্বাস্থ্য আদিকে ধৰি কোনো দিশতেই উন্নয়ণ নোহোৱা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ তাৰোপৰি বিটিআৰ পৰিষদত এজন সংখ্যালঘু লোকক মনোনিত কৰাৰ দাবী জনায় সংখ্যালঘু ছাত্ৰ সন্থা সন্থাৰ সদস্য সকলে।
তাৰোপৰি বিটিআৰত সংখ্যালঘু উন্নয়ণ বোৰ্ড গঠনৰ দাবী জনোৱাৰ লগতে বিটিচিত উচ্ছেদ বন্ধৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে। বিটিআৰত ভূমিপাট্টা প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ।
কোকৰাঝাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত সংখ্যালঘু সকলৰ বাবে আসন সংৰক্ষণৰ দাবী জনায়। চৰকাৰী চাকৰি,নিযুক্তি,অন্যান্য সা সুবিধাৰ ক্ষেত্ৰত সংখ্যালঘুৰ বাবে আসন জনসংখ্যাৰ অনুপাতে সংৰক্ষণৰ দাবী জনায়। এই সমূহ দাবীৰ সমৰ্থনত ছয় দফীয়া দাবীত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ দ্বাৰা ৰাজ্যপাললৈ প্ৰদান কৰে।
লগতে পঢ়ক-মঙলবাৰে মৰাণত নিৰ্বাচনী ৰণশিঙা বজাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে