চিৰাং, 23 মে': আজি চিৰাঙৰ চিদলী বিধান সভা সমষ্টিৰ কাজলগাঁৱস্থিত ভোট গণনা কেন্দ্ৰত উপস্থিত হয়, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া ৷ 3 লক্ষাধিক ভোটৰ ব্যৱধানত তেওঁ জয়ী হ'ব বুলি আশাবাদী নিৰ্দলীয় প্ৰাৰ্থী গৰাকী ৷
ইপিনে পৰৱৰ্তী সময়ত তেওঁ কাক সমৰ্থন দিব, সেয়া বিটিএডিৰ অবড়ো ৰাইজৰ সিদ্ধান্ত মতে কাম কৰাৰ আস্বাস দিয়ে নৱ কুমাৰ শৰণীয়াই ৷ মুঠতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বিজয় হোৱাটো নিশ্চিত বুলি শৰণীয়াই দাবী কৰে ৷