চিৰাং,6 ডিচেম্বৰ : বিটিচি নিৰ্বাচনৰ বাবে ইতিমধ্য়ে ওদালগুৰি আৰু বাক্সাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান সমাপ্ত হৈছে ৷ সোমবাৰে ওদালগুৰি আৰু বাক্সাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ আনহাতে 10 ডিচেম্বৰত চিৰাং আৰু কোকৰাঝাৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷
কিন্তু এইবেলি নিৰ্বাচনী প্ৰচাৰ সভাত বিভিন্ন দলৰ ৰাজনৈতিক নেতাৰ মুখত শুনা গৈছে বহু অশালীন মন্তব্য ৷ এজন নেতাই আনজন নেতাক কুকুৰ, মেকুৰী, শিয়ালৰ লগত তুলনা কৰাৰ উপৰিও চৰিত্ৰক লৈও মুকলিকৈ অভব্য় মন্তব্য কৰা পৰিলক্ষিত হৈছে ৷ মুঠতে বিগত নিৰ্বাচনসমূহৰ তুলনাত এইবাৰ নেতাসকলৰ মাজত বাকযুদ্ধৰ শালীনতা অধিক নিম্নগামী হৈছে ৷
দেওবাৰে চিৰাঙত অনুষ্ঠিত হোৱা বিপিএফৰ এক নিৰ্বাচনী সভাত বিজনী বিধানসভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে দিছে এক বিস্ফোৰক মন্তব্য ৷ বটদ্ৰৱা সমষ্টিৰ বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাক এক অশালীন শব্দৰে সম্বোধন কৰে বিধায়ক কমল সিং নাৰ্জাৰীয়ে ।
বিধায়িকা আঙুৰলতা ডেকাই বিটিচিৰ ভিচিডিচিসমূহ ভংগ কৰা প্ৰসংগত বিধায়ক কমল সিং নাৰ্জাৰীয়ে বিধায়িকা আঙুৰলতাক লৈ এক অশালীন মন্তব্য দি ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ভিচিডিচি ভংগ নহয় বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক : দমন কৰিবৰ বাবেই জাপি দিয়া হৈছে মিছা অভিযোগ : আজমল