ETV Bharat / state

চিৰাঙত সংঘটিত অগ্নিকাণ্ডৰ ক্ষয়ক্ষতিৰ বুজ ললে মন্ত্ৰী ভৱেশ কলিতাই - সংবাদ মাধ্যম

চিৰাঙত উপস্থিত মন্ত্ৰী ভৱেশ কলিতা ৷ সোমবাৰৰ অগ্নিকাণ্ডত জাহ যোৱা লোকৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত মন্ত্ৰী গৰাকী ৷ ভুক্তভোগীক ক্ষতিপূৰণ দিয়াৰ আশ্বাস ৷

Minister Bhabesh Kalita present at Chirang to assess the damage caused by the fire
অগ্নিকাণ্ডৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে চিৰাঙত উপস্থিত মন্ত্ৰী ভৱেশ কলিতা
author img

By

Published : Nov 3, 2020, 9:52 PM IST

চিৰাং, 3 নৱেম্বৰ : মঙলবাৰে চিৰাঙৰ বিজনীৰ 2 নং বিষ্ণুপুৰ বজাৰত উপস্থিত মন্ত্ৰী ভৱেশ কলিতা । বজাৰখনত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে বজাৰখনত উপস্থিত হয় মন্ত্ৰী গৰাকী। উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে চিৰাং জিলা উপায়ুক্তক অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোক সকলক ক্ষতিপূৰণ দিয়াৰ ঘোষণাৰ কথাও অৱগত কৰে ।

মন্ত্ৰী ভৱেশ কলিতাৰ মন্তব্য

উল্লেখ্য যে, সোমবাৰে সন্ধিয়া চিৰাং জিলাৰ বিজনীৰ 2 নং বিষ্ণুপুৰত এক ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জাহ গৈছিল 13 খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বহুকেইটা বাসগৃহ। এক কোটিৰো অধিক সা-সম্পত্তি ধ্বংস হৈ পৰিছিল উক্ত অগ্নিকাণ্ডত ।

লগতে পঢ়ক : আদালতত হাজিৰ JEE কেলেংকাৰীৰ অপৰাধীক

আনফালে, মন্ত্ৰী গৰাকীয়ে বৃহত্তৰ বিজনীৰ উত্তৰাঞ্চলত আপাতকালীন সেৱাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ উপকেন্দ্ৰ স্থাপনৰ বাবে স্থানীয় বিধায়কক আৰু ৰাইজক প্ৰস্তাৱ দিবলৈ আহ্বান জনায় । ইফালে, অগ্নিকাণ্ডত বিশেষভাৱে ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ী সুনীল বিশ্বাসেও সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : যাত্ৰীবাহী ৰেলৰ পুনৰ চলাচলৰ দাবীৰে সচেতন নাগৰিকৰ স্মাৰক পত্ৰ প্ৰদান

বিজনীৰ 2 নং বিষ্ণুপুৰ বজাৰৰ অগ্নিকাণ্ডত বজাৰখন সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে গাঁৱৰ কেইখনমান ঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যায় দেওবাৰৰ নিশাৰ অগ্নিকাণ্ডত । দৰিদ্ৰ কৃষক শ্ৰেণীৰ লোকৰ এই দুৰ্যোগৰ সময়ত মন্ত্ৰী ভৱেশ কলিতাই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থ অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিপুৰণ দিয়াৰো আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কেন্দ্ৰীয় সমিতিৰ অন্তিম কাৰ্যনিৰ্বাহক বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.