ETV Bharat / state

চিৰাঙত ভয়ংকৰ অগ্নিকাণ্ড - চিৰাঙত চিলিণ্ডাৰ বিস্ফোৰণ

চিৰাঙৰ ৰুণিখাটা বজাৰত শুকুৰবাৰে মাজনিশা সংঘটিত হয় অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডৰ ফলত কেইবালাখ টকাৰ সম্পত্তি নষ্ট হয় ৷

fire-by-cylinder-bus
চিৰাঙত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Nov 6, 2021, 12:50 PM IST

চিৰাং, 6 নৱেম্বৰ : বৃহস্পতিবাৰে সমগ্ৰ দেশতে উদযাপন হৈছিল পোহৰৰ উৎসৱ দীপাৱলী ৷ যথেষ্ঠ উলহ-মালহেৰে এই উৎসৱ সমগ্ৰ দেশতে পালন কৰা হয় ৷ কিন্তু তাৰমাজতে সংঘটিত হয় কিছুমান হৃদয় বিদাৰক ঘটনা ৷ এইবেলি দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷

fire-by-cylinder-bus
চিৰাঙত ভয়ংকৰ অগ্নিকাণ্ড

ইয়াৰ ভিতৰত নগাঁৱৰ হয়বৰগাঁৱৰ কাপোৰৰ দোকানত, কলিয়াবৰৰ অন্তৰ্গত জখলাবন্ধাৰ ৰাঙলুৰ পাহাৰগুৰি গাঁৱত, ৰঙিয়াৰ শিৱ মন্দিৰ ৰোড, যোৰহাটৰ চোলাধৰাৰ শ্ল’গান কেফেত সংঘটিত অগ্নিকাণ্ডসমূহ আছিল যথেষ্ঠ ভয়াৱহ ৷ চিৰাঙৰ ৰুণিখাতা বজাৰতো শুকুৰবাৰে মাজনিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । এখন হোটেলত চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ ফলতে অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে ৷

কোপেন বসুমতাৰী নামৰ ব্যক্তিগৰাকীৰ হোটেলত সংঘটিত অগ্নিকাণ্ডটোত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুয়ে নিমিষতে ছাঁইলৈ পৰিণত কৰে ৷ তদুপৰি হোটেলখনৰ সন্মুখভাগত থকা এখন পাণ দোকানৰো বিনষ্ট সাধন হয় । অৱশ্যে কেনেদৰে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ ফটকাৰ পৰাই অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

fire-by-cylinder-bus
চিৰাঙত ভয়ংকৰ অগ্নিকাণ্ড

উল্লেখ্য যে, ৰুণিখাতা বজাৰখন যথেষ্ঠ ভিতৰুৱা ঠাইৰ হোৱাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীক কোনো ধৰণৰ খবৰ দিয়া হোৱা নাছিল ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জুই নুমুওৱা হয় ৷

লগতে পঢ়ক : ফটকা ফুটাই আনন্দ কৰি থকাৰ পিছতে হঠাতে কেনেকৈ মৃত্যু হ’ল মহিলাৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.